শেষ হোৱা নাই জেকলিন বিতৰ্ক
এনেয়েই আবেদনময়ী তেওঁ ৷এতিয়া আকৌ তেঁওৰ বিষয়ে বিতৰ্কৰ অন্ত নাই। তথাপিও, জেকলিনে মুখত তলা লগাইছে । মহাঠগ সুকেশ চন্দ্ৰশেখৰৰ সৈতে তেওঁৰ ব্যক্তিগত আন এখন ফটো লিক হোৱাৰ পিছত সিংহলী অভিনেত্ৰীগৰাকীয়ে তেওঁৰ নীৰৱতা ভংগ কৰিছে। জেকলিনে ইনষ্টাগ্ৰামৰ এটা বিবৃতিত কৈছে, “এই দেশৰ প্ৰতিজন মানুহে মোক মৰম আৰু সন্মানেৰে ভৰাই তুলিছে। সংবাদ মাধ্যমৰ বন্ধুসকলৰ পৰাও বহুত শিকিছোঁ। মোৰ জীৱন বৰ্তমান পোনপটীয়াকৈ যোৱা নাই। কিন্তু মই নিশ্চিত যে মোৰ বন্ধু আৰু অনুৰাগীসকল মোৰ কাষত আছে। মই সংবাদ মাধ্যমৰ বন্ধুসকলক মোৰ গোপনীয়তা উলংঘা কৰি ব্যক্তিগত মুহূৰ্তৰ কোনো ছবি প্ৰকাশ বা প্ৰচাৰ নকৰিবলৈ অনুৰোধ কৰিছো। মই আশা কৰো মই ন্যায় পাম। “
জেকলিন ফাৰ্ণাণ্ডেজ কেইমাহমান আগতে বাতৰিৰ শিৰোনামত আছিল। কিয়নো বিত্তীয় কেলেংকাৰীৰ অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ সৈতে জেকলিনৰ সম্পৰ্কৰ কথা পোহৰলৈ আহিছিল। ২০০ কোটি টকাৰ জালিয়াতি আৰু ২০ টা অন্যান্য বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত নাম থকাৰ পিছত ‘ঠগবাজ’ চন্দ্ৰশেখৰ দিল্লীৰ ৰোহিণী কাৰাগাৰত বন্দী হৈ আছে। যোৱা বছৰেই, জেকলিনৰ সৈতে সুকেশৰ অন্তৰংগ মুহূৰ্তৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। সূত্ৰ অনুসৰি, ছবিখন যোৱা এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত তোলা হৈছিল। চন্দ্ৰশেখৰক সেই সময়ত অন্তৱৰ্তীকালীন জামিনত মুক্তি দিয়া হৈছিল।
খবৰ পোৱা গৈছে যে সুকেশে জেকলিনৰ সৈতে পৰিচয় হোৱাৰ আগতে তেওঁৰ বিষয়ে বহুত অনুসন্ধান কৰিছিল। তেওঁ ভালদৰে জানিছিল যে অভিনেত্ৰীগৰাকীৰ হাতত তেতিয়া কোনো ডাঙৰ কাম নাছিল। সেই সুযোগ গ্ৰহণ কৰি তেওঁ ৫০০ কোটি টকাৰ বাজেটৰ এখন চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। সুকেশে চুপাৰহিৰো চলচ্চিত্ৰৰ এটা শৃংখলা নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। তাই এইটোৱেই কৈছিল যে জেকলিনক এঞ্জেলিনা জোলিৰ দৰে লাগিছিল। বলীউডৰ অভিনেত্ৰীগৰাকীক সুকেশে এইটোও বুজায় যে তেওঁৰ দৰে এগৰাকী অভিনেত্ৰীয়ে এখন চুপাৰহিৰো ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিব লাগে। তেওঁ সেই ছবিখনৰ বাবে ৫০০ কোটি টকা দিবলৈ সাজু হৈছে।
খবৰ অনুসৰি জেকলিনে ইডি বিষয়াসকলক কৈছে যে তেওঁ সুকেশৰ পৰা বেগ, জিম কাপোৰ, দামী ব্ৰেণ্ডৰ জোতা, দুটা হীৰাৰ আঙুঠি, একাধিক ব্ৰেচলেট লাভ কৰিছিল। ইফালে, সুকেশে জেকলিনক মুঠ ৭ কোটি টকাৰ গহনা দিয়া বুলি দাবী কৰিছে। জেকলিনৰ ভগ্নী আমেৰিকাত থাকে। তেওঁক প্ৰায় ১ কোটি টকাৰ ঋণৰ লগতে এখন বিএমডব্লিউ গাড়ীৰ প্ৰস্তাৱ দিয়া হৈছিল। জেকলিনৰ মাকক এখন পোৰ্ছ গাড়ী দিয়া হৈছিল। সুকেশে অভিনেত্ৰীগৰাকীৰ পৰিয়ালক এখন ব্যয়বহুল ইটালিয়ান গাড়ী দিয়া বুলিও দাবী কৰিছিল। সুকেশে জেকলিনৰ লগতে অভিনেত্ৰী নোৰা ফাতেহীকো কেইবাটাও ব্যয়বহুল উপহাৰ দিছিল।