সমগ্ৰ দেশৰ লগতে অসমতো সোমবাৰৰ পৰা চিকিৎসক তথা স্বাস্থ্যকৰ্মী, ক’ভিড প্ৰতিৰোধ অভিযানৰ সন্মুখশাৰীৰ কৰ্মী (ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ) আৰু গুৰুতৰ উপসৰ্গ (ক’মৰ্বিডিটী) থকা ৬০ বছৰৰ ওপৰৰ লোকৰ বাবে ‘সতৰ্কতামূলক পালি’ (তৃতীয় পালি) ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছে । ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই পুৱা ১১.১৫ বজাত যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আনুষ্ঠানিক ভাৱে অসমত এই তৃতীয় পালি ক’ভিড প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে ।
ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণৰ পৰা ৩৯ সপ্তাহ বা ৯ মাহ ব্যৱধান সম্পূৰ্ণ কৰা এইসকল লোকে তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব। অৰ্থাৎ যোৱা বছৰৰ ১০ এপ্ৰিলৰ পূৰ্বে দ্বিতীয় পালি লোৱা লোকে আজিৰে পৰা তৃতীয় পালি ল’ব পাৰিব। একেদৰে যোৱা ১১ এপ্ৰিলত দ্বিতীয় পালি লোৱাসকলে মঙলবাৰৰ পৰা সতৰ্কতামূলক পালি গ্ৰহণ কৰাৰ যোগ্য বিবেচিত হ’ব।
প্ৰথম আৰু দ্বিতীয় পালিত যিটো ক’ভিড প্ৰতিষেধক (ক’ভিশ্বিল্ড বা ক’ভাক্সিন) লৈছিল, সেই একেটা প্ৰতিষেধকেই তৃতীয় পালিত দিয়া হ’ব। সালসলনিকৈ কোনেও ল’ব নোৱাৰিব।