Daily Time Axom

বিশ্বৰ সকলোতকৈ দামী গাড়ীখন কি? কাৰ গেৰেজত আছে এই গাড়ীখন ? যাৰ এখনৰেই দাম ২৬৪ কোটি টকা ৷

0 9

আপোনাৰ মোৰ সামৰ্থ নাথাকিলেও বিলাসী বহুত দামী গাড়ীবোৰৰ কথা আলোচনা কৰি ভাল লাগে ৷ বিলাসী গাড়ীবোৰৰ কথা জানি ভাল পাও আমি ৷

আধুনিক মানৱ সভ্যতাৰ এক অবেচ্ছেদ্য অংশ গাড়ী ৷ ভাল গাড়ী এখন দেখিলে কম-বেছি সকলোৱেই আকৰ্ষিত হয় । আনহাতে যি সকল ধনকুবেৰ ব্যক্তিয়ে গাড়ী ভাল পায় তেঁওলোকৰ বাবে দৃষ্টিনন্দন ডিজাইন আৰু অত্যাধুনিক প্ৰযুক্তিৰে নতুন নতুন গাড়ী বজাৰত উলিয়াই আহিছে নিৰ্দিষ্ট কোম্পানীবোৰে ৷ ১কোটিৰ পৰা সৰ্বোচ্ছ কিমান কোটি টকা হ’ব পাৰে বাৰু এখন এনে অত্যাধুনিক গাড়ীৰ দাম ? দাম যিমানেই বেছি হয় গাড়ীখনৰ সুবিধা আৰু গুণো সিমানে বৃদ্ধি হয় ৷ কিন্তু আপোনাৰ জানিবলৈ মন নাযায় নে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ গাড়ীখন কি ? কিয় সৰ্ব্বোচ্ছ দাম গাড়ীখনৰ ? এনে কেইখনমান লাক্সাৰী গাড়ীৰ বিষয়ে জানো আহক ৷ লিখাৰ শেষত ক’ম পৃথিৱীৰ সবাতোকৈ ডাঙৰ গাড়ীখনৰ দাম ৷ কাৰ গেৰেজত শুৱনি কৰিছে ?

পাগানি জোণ্ডা এইছ পি বাৰচেট্টা :-
এই গাড়ীখনৰ দাম ১২৪.৮ কোটি টকা ৷ বিশ্বৰ সবাতোকৈ মূল্যবান অন্যতম এখন গাড়ী ’পাগানি জোণ্ডা ছিংক ৰোড ষ্টাৰ’ ৷ বিশ্বৰ অনন্য মাত্ৰাৰ আৰু আকৰ্ষণীয় এই গাড়ীখনৰ ইঞ্জিনৰ ক্ষমতা ৫৯৮৭ চি চি ৷

ৰোলছ ৰয়েছ ছোয়েপটেলছ:-
অনন্য গুণ সমৃদ্ধ এইখন বিলাসী গাড়ীত বহিব পাৰে মাত্ৰ দুজন মানুহ ৷ অৰ্থাৎ আসনৰ সংখ্যা দুই ৷ মাত্ৰ এখন গাড়ী নিৰ্মাণৰেই প্ৰথম আৰম্ভ হৈছিল ৰোলছ ৰয়েছৰ নিৰ্মাণ ৷ ৰোলছ ৰয়েছৰ দাম প্ৰায় ৯২ কোটি টকা ৷

লাম্বাৰঘিনি ভেনেনো:-
প্ৰতি বছৰে এইখন গাড়ী তিনিখন বজাৰলৈ উলিয়াই দিয়া হয় ৷ ডুবাই আৰক্ষীয়ে গাড়ীখনৰ দ্ৰুতগতিৰ বাবে ব্যৱহাৰ কৰে ৷ লাম্বাৰঘিনিৰ দাম প্ৰায় ৬৭ কোটি টকা ৷

মাৰ্চিডিজ বেঞ্জ মেবাক:-
এইখন বিলাসী গাড়ীও বছৰি তিনিখনৰ বেছি বজাৰত মুকলি কৰা নহয় ৷ এইখন গাড়ীৰ মূল্য প্ৰায় ৫৬ কোটি টকা ৷

কোনিক্সছেগ চিচিএক্সআৰ ট্ৰেভিটা:-
বিশ্বত এইখন গাড়ী আছে মাত্ৰ দুখন ৷ মাত্ৰ তিনি ছেকেণ্ডৰ ভিতৰত প্ৰতি ঘণ্টাত ১০০ কিঃ মিঃ গতি ল’ব পাৰে এইখন গাড়ীয়ে ৷ ঘণ্টাত ৪১০ কিঃ মিঃ পৰ্যন্ত গতি ল’ব পাৰে এইখনে ৷ কোনিক্সজেগ চিচিএক্সআৰ ট্ৰেভিটাৰ মূল্য প্ৰায় ৩৪ কোটি টকা ৷

ফেৰাৰী পিনিনফাৰিনা ছেৰ্জিও:-
বিশ্বত এইখন গাড়ী মাত্ৰ ছয়খন তৈয়াৰ কৰা হৈছে ৷ মূল্য ৩০ কোটি টকা ৷

এতিয়া আহো বিশ্বৰ সবাতোকৈ মূল্যবান গাড়ীখনৰ কথালৈ ৷

বিশ্ব ফুটবলৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ গেৰেজত শোভাবৰ্ধন কৰিছে আমাৰ গ্ৰহৰ আটাইতকৈ বিলাসী মূল্যবান গাড়ীখনে ৷ গাড়ীখনৰ দাম ১৩২ কোটি টকাতকৈয়ো অধিক ৷ গাড়ীখনৰ নাম ‘দ্যা বুগাটি লা ভয়চাৰ ন্যুৰে’। এই গাড়ীখনক কোৱা হৈছে ছুপাৰ কাৰ ৷ বুগাটি কাৰখনে মুহূৰ্ততে ৩৭০ কিঃমিঃ ঘণ্টাত গতি ল’ব পাৰে ৷ ২.৪ ছেকেণ্ডত ৬০ কিঃমিঃ গতি ল’ব পাৰে ৷ ৰোনাল্ডোৰ গেৰেজত থকা বিভিন্ন গাড়ীৰ মুঠ মূল্য ২৬৪ কোটিতকৈও অধিক ।

Leave A Reply

Your email address will not be published.