Daily Time Axom

ৰাজ্যত কেইবা ঠাইতো এ টি এম ডকাইতি ৷ আৰক্ষীৰ গুলীত এজন আহত

0 11

দেওবাৰৰ পুৱতি নিশা ৰাজ্যত একাধিক এ টি এম ডকাইতিৰ ঘটনা সংঘটিত হয়।

প্ৰথমটো ঘটনা ডিব্ৰুগড়ৰ চাবুৱাত ঘটে ৷ অৱশ্য চাবুৱা আৰক্ষীয়ে চাবুৱাত এ টি এম ডকাইতিৰ চেষ্টা বিফল কৰে ৷ এটা ডকাইত আৰক্ষীৰ গুলীত আহত হয়।

ঘটনাটো পুৱা প্ৰায় ৩ বজাত চাবুৱাৰ এমইএছ তিনিআলিত সংঘটিত হয়।
সন্দেহযুক্ত চোৰ বিতু ভূমিজ আৰক্ষীৰ সংঘৰ্ষত আহত হৈছিল আৰু তেওঁক এএমচিএইচলৈ প্ৰেৰণ কৰা হয়।

ইফালে, এটিএম ডকাইতিৰ আন এটা ঘটনা সংঘটিত হয় নগাঁৱৰ ৰহাত ৷ ডকাইতৰ এটা দলে ৰহাত সোমবাৰে পুৱতি দিনা ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) এটা এটিএম লুটি নিয়ে । গেছ কাটাৰেৰে কাটি ডকাইতে এ টি এম টোৰ ধন লুটি নিয়ে ৷ কিন্তু এতিয়াও কিমান পৰিমাণৰ ধন লুন্ঠন কৰি নিয়ে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ৰহাত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ ডকাইতি কাণ্ডটো পুৱা প্ৰায় ৩:৩০ বজাত সংঘটিত হয়।

Leave A Reply

Your email address will not be published.