এজন ব্যক্তিয়ে বেংকত ঋণৰ বাবে আবেদন কৰিছিল।
কিন্তু ঋণৰ মঞ্জুৰ হোৱা নাছিল। মানুহজনে সেই খঙতে খঙত বেংকত জুই লগাই দিলে ! এই অশ্চৰ্যকৰ ঘটনাটো কৰ্ণাটকৰ হাভেৰী জিলাত সংঘটিত হৈছে। মানুহজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
অপৰাধ সংঘটিত কৰা মানুহজনৰ নাম বাছিম আক্ৰাম ৷
আৰক্ষীৰ সূত্ৰই কৈছে যে মানুহজনে ঋণ পাবলৈ কাাড়া বেংকৰ স্থানীয় শাখাত আবেদন কৰিছিল। কিন্তু তেওঁৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছত বেঙ্ক কৰ্তৃপক্ষই আবেদনখন নাকচ কৰে । মানুহজনে তেতিয়া দেওবাৰৰ বন্ধৰ দিনটোত বেংকৰ খিৰিকিৰ আইনা ভাঙি পেট্ৰল ঢালি জুই লগোৱাৰ চেষ্টা কৰে। অৱশ্যে, তেওঁ কোনো বিশেষ ক্ষতি কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু কাগিনেলী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৩৬, ৪৭৭ আৰু ৪৩৫ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে । ঘটনাটোৱে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।