Daily Time Axom

ক’ভিড আক্ৰান্ত হ’ল লতা মংগেশকাৰ, মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি

0 12

দেশৰ কোভিড পৰিস্থিতিত ক’ভিড পজিটিভ হোৱা তাৰকাৰ তালিকা দীঘলীয়া হৈ আহিছে। এইবাৰ তালিকাখনত কিংবদন্তি, প্ৰবীণ গায়িকা লতা মংগেশকাৰৰ নামো যোগ কৰা হৈছে। তেওঁৰ আত্মীয়ই মঙলবাৰে সংবাদ মাধ্যমক জনাইছে যে লতা মংগেশকাৰ কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁৰ শৰীৰত মৃদু লক্ষণে দেখা দিছে। এজন চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ বৰ্তমান চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.