ৰঙাপাৰাত পত্নীয়ে কৰিলে স্বামীক হত্যা.
শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ নামনি গাঁৱৰ নিবাসী অষ্টমী বৰুৱা আৰু তেওঁৰ বৌয়েক পিংকী তাঁতীয়ে মিলি অষ্টমীৰ স্বামী ৰতন বৰুৱাক হত্যা কৰে ৷ যোৱা শনিবাৰ দুয়ো ৰাতি এডাল ৰ’ডেৰে মূৰত কেবাবাৰো প্ৰহাৰ কৰি নৃশংস ভাবে হত্যা কৰি বিছনাৰ তলত লুকুৱায় থৈ দিয়ে । যোৱা দুদিন ধৰি ৰতনক স্থানীয় ৰাইজে দেখা নোপোৱাত ৰাইজৰ সন্দেহ হয় । ইয়াৰ পিছত স্থানীয় ৰাইজ যোৱা কালি পিংকীৰ ঘৰত প্ৰৱেশ কৰি তালাচী চলোৱাত তেওঁৰ বিছনাৰ তলত এখন চাদৰৰে মেৰিয়াই থোৱা এটা বস্তু প্ৰত্যক্ষ কৰে । চাদৰ খুলি চোৱাত উপস্থিত ৰাইজে ৰতনৰ মৃতদেহ দেখা পায়। ইয়াৰ পিছত স্থানীয় ৰাইজে সমস্ত ঘটনাৰ বিষয়ে পুলিচক অৱগত কৰে । স্থানীয় পুলিচ ৰতনৰ মৃতদেহ উদ্ধাৰ কৰি পোষ্টমৰ্টেম কৰিবলৈ পঠোৱাৰ লগতে অষ্টমী আৰু পিংকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।
