আইচক্ৰীম ফেক্টৰীত জাকে জাকে পঁইতাচোৰা, প্ৰশাসনে লগালে তলা
ৰঙাপৰাৰ বালিপৰাস্থিত ” বালিপৰা আইচক্ৰীম ফেক্টৰী ” নামৰ আইচক্ৰীম উৎপাদন কৰা এটা ফেক্টৰীত মঙলবাৰে চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত অসামৰিক খাদ্য যোগান বিভাগৰ সদস্যই তলা লগাই ছীল কৰি দিয়ে । যোৱা কেইবা দিন ধৰি বহু স্থানীয় লোক ফেক্টৰীৰ আইচক্রীম খাই পেটৰ বিষ , মূৰৰ বিষ , বমি আদি ৰোগত ভুগি আহিছিল । ইয়াৰ পিছত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত এই কথা অসামৰিক খাদ্য আৰু যোগান বিভাগক অৱগত কৰে । যোগান বিভাগ আৰু স্থানীয় আৰক্ষীয়ে যুটীয়া ভাৱে ফেক্টৰীটোত তালাচী অভিযান চলাই তাত অস্বাস্থ্যকৰ আৰু অপৰিষ্কাৰ পৰিৱেশৰ লগতে জাকে জাকে পঁইতাচোৰা বিচৰণ কৰি থকা পায় । আনকি আইচক্ৰীম বনুৱা ফ্ৰীজৰ ভিতৰলৈকে পঁইতাচোৰাৰ বাহ পায়। ইয়াৰে পিছত স্থানীয় আৰক্ষীয়ে ফেক্টৰীৰ মালিক সজল গুপ্তাক আটক কৰি ফেক্টৰী ছীল কৰি দিয়ে ।
(তেজপুৰৰ পৰা পিন্টু ৰয়ৰ বাতৰি)