Daily Time Axom

উত্তৰ প্ৰদেশত ৰাজনৈতিক বা-মাৰলি ৷ যোগী কেবিনেটৰ মন্ত্ৰী আৰু ৩ বিধায়কৰ বিজেপি ত্যাগ ৷

0 9

উত্তৰ প্ৰদেশত কেইদিনমানৰ পিছতে বিধানসভা নিৰ্বাচন ৷ বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততউত্তৰ প্ৰদেশ বি জে পি আৰু যোগী আদিত্য নাথৰ প্ৰতি এক মোক্ষম আঘাত ৷ ৰাজ্যখনৰ জ্যেষ্ঠ বি জে পি নেতা স্বামী প্ৰসাদ মৌৰ্যই মঙলবাৰে যোগী আদিত্য নাথ মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিছে ৷ পদত্যাগ কৰিয়েই ৰাজ্যখনৰ প্ৰধান বিৰোধী দল অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীত যোগদান কৰেস্বামী প্ৰসাদে ৷ নিজৰ পদত্যাগ পত্ৰত স্বামী প্ৰসাদ মৌৰ্যই উল্লেখ কৰে যে দলিত আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ প্ৰতি কৰা অৱহেলাৰ বাবেই তেও ক্ষোভিত হৈ আহিছিল ৷ যাৰ বাবে তেঁও বিজেপিৰ পৰা পদত্যাগ কৰে ৷

স্বামী প্ৰসাদ মৌৰ্যৰ পদত্যাগৰ পিছমুহূৰ্ততে আন তিনিগৰাকী বিজেপি বিধায়কে পদত্যাগ কৰে ৷ পদত্যাগ কৰে তিলহাৰ সমষ্টিৰ বিধায়ক ৰোচনলাল ভাৰ্মা, বিল হাউৰ বিধায়ক ভাগৱতী প্ৰসাদ সাগৰ আৰু তিণ্ডৱাৰী সমষ্টিৰ বিধায়ক ব্ৰজেশ প্ৰজাপতিয়ে ৷

তিনি পদত্যাগী বিধায়কৰ ভাষ্য, “আমি বহুজন সমাজবাদী পাৰ্টীৰ পৰা বিজেপিলৈ আহিছিলো । স্বামী প্ৰসাদ মৌৰ্য য’লৈকে নাযাওক আমি লগতে থাকিম ৷ ভৱিষ্যতৰ ৰাজনৈতিক যাত্ৰাও তেঁওৰ লগতে কৰিম ৷”
উল্লেখযোগ্য যে, ২০১৭ চনৰ বিধান সভা নিৰ্বাচনত মায়াৱতীৰ বহুজন সমাজবাদী দলৰ পৰা সমৰ্থক সকলৰ সৈতে বি জে পি-ত যোগদান কৰিছিল স্বামী প্ৰসাদ মৌৰ্যই ৷

অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীত যোগদান কৰি স্বামী প্ৰসাদৰ মন্তব্য, ‘চি অচিৰেই আন ১২ জন বিধায়কে উত্তৰোপ্ৰদেশত বি জে পি এৰিব ৷’

মঙলবাৰৰ দিনটোত এই বাতৰিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত তুমুল আলোড়নৰ সৃষ্টি কৰিছে ৷ কিয়নো ৰাজনৈতিক বিশ্নেষক সকলে পৰম্পৰাগতভাৱেই হওক বা তথ্যগতভাৱেই হওক কৈ আহিছে যে উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে বহুলাংশে নিয়ন্ত্ৰণ কৰে ৰাষ্ট্ৰীয় ৰাজনীতি ৷ নিৰ্ধাৰণ কৰে দিল্লীৰ শাসনভাৰৰ ভৱিষ্যত ৷ দিনটোৰ এই ৰাজনৈতিক পৰিক্ৰমাই শক্তিশালী কৰিলে অখিলেশ যাদবৰ শিবিৰক ৷

Leave A Reply

Your email address will not be published.