চতিয়াৰ খনামুখত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুই যুৱক আটক
শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ চাৰিদুৱাৰ অধীনস্থ খনামুখ অঞ্চলত ব্ৰাউন ছুগাৰ জব্দ ৷ চাৰিদুৱাৰ পুলিচে এক কিঃগ্ৰাঃৰো অধিক ব্রাউন চুগাৰ ড্র্যাগছ সহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে যোৱা ৰাতি চাৰিদুৱাৰ পুলিচ এক গোপন অভিযান চলাই খনামুখ গুদামঘাট অঞ্চলৰ পৰা প্ৰায় এক কিলোগ্ৰাম ব্রাউন ছুগাৰ ড্র্যাগছ সহ আনাৰুল হুছেইন আৰু আহিদুল ইছলাম নামৰ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । যোৱা কেইবা মাহ ধৰি শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলত বিভিন্ন ড্ৰাগছৰ ব্যৱসায় চলি আছে যদিও এই ব্যৱসায় শোণিতপুৰ জিলা প্রশাসনে বন্ধ কৰবলৈ সক্ষম হোৱা নাই । আটকাধীন যুৱক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
(তেজপুৰৰ পৰা পিন্টু ৰয়ৰ বাতৰি)
