মোৰ নাম মাইকেল, হৃত্বিক ৰোচনৰ কোঠালৈ আহি জেকছনে নিজেই কৈছিল!
সেই ‘এক পাল কা জিনা’ গীতৰ বিখ্যাত নৃত্যৰ পাছতেই তেওঁৰ অনুৰাগী হৈ পৰিছিল সমগ্ৰ বলীউড, সমগ্ৰ দেশ । হৃত্বিক ৰোচন নাম যাৰ ৷ হৃত্বিক ৰোশন আছিল সৰুৰে পৰা মাইকেল জেকচনৰ অনুৰাগী। সদায় তেওঁৰ নৃত্যক অনুপ্ৰেৰণা হিচাপে ভাবি আহিছে হৃত্বিকে। কিন্তু আপুনি জানেনে যে মাইকেল জেকছনে নিজেই আহি অনুৰাগীজনক লগ কৰিছিলহি ? ঘটনাটোৱে হেনো এতিয়াও হৃত্বিকক প্ৰভাৱিত কৰে।
এয়া আছিল ২০০৮ চনৰ কথা । হৃত্বিকৰ ‘কাইটছ’ৰ দৃশ্যগ্ৰহণ লছ এঞ্জেলছত কৰা হৈছিল। হৃত্বিক আৰু তেওঁৰ দেউতাক ৰাকেশ ৰোশনে দৃশ্যগ্ৰহণৰ সময়ত জানিব পাৰিছিল যে মাইকেল জেকচনো একেটা চৌহদতে দৃশ্যগ্ৰহণ কৰিবলৈ আহিছে। কাষত তেঁওৰ নৃত্যৰ ‘ঈশ্বৰ’! হৃত্বিক আৰু ৰাকেশে চৌহদৰ মালিকক এবাৰ জেকচনক লগ কৰাই দিবলৈ অনুৰোধ কৰিছিল। কিন্তু আচৰিত! প্ৰথমে, দেহৰক্ষীৰ এটা দল হৃত্বিকৰ কোঠাত প্ৰৱেশ কৰিলে । আৰু তাৰ পিছত মাইকেল জেকচন! তেওঁ আহি হাত আগবঢ়াই ক’লে, ‘মোৰ নাম মাইকেল।’ তেওঁলোকে কিছু সময়ৰ বাবে কথা পাতিলে।
পিছত, ঘটনাটোৰ কথা সংবাদ মাধ্যমৰ আগত হৃতিকে কয়, “মই কল্পনাও কৰিব পৰা নাছিলো যে ইমান এজন ডাঙৰ মানুহ নিজে মোৰ কোঠালৈ আহিব। এই ঘটনাটো মোৰ স্মৃতিত গোটেই জীৱন ধৰি ৰাখিম।”