Daily Time Axom

শ্বাহৰুখ খানৰ ‘মন্নত’ বোমাৰে উৰাই দিয়াৰ ভাবুকি

0 8

বলিউড কিং শ্বাহৰুখ খানৰ বাংলো উৰাই দিয়াৰ ভাবুকি। মুম্বাই আৰক্ষীৰ তথ্য মতে যোৱা সপ্তাহত মুম্বাইৰ একাধিক ঠাই বোমা দি উৰুৱাই দিয়াৰ ভাবুকি পোৱা গৈছে। কিং খানৰ বাসস্থান মন্নতো সেই তালিকাত আছে।
মহাৰাষ্ট্ৰৰ আৰক্ষীলৈ অহা ফোনটোত বাণিজ্যিক চহৰৰ কেইবাটাও জনবসতিপূৰ্ণ অঞ্চলত বিস্ফোৰণ হোৱাৰ ভাবুকি দিছিল । আৰক্ষী প্ৰশাসন চিন্তিত কৰি তুলিছিল এই ফোন কলে । অনুসন্ধানৰ পিছত জনা গ’ল যে ফোনটো মধ্যপ্ৰদেশৰ জবলপুৰৰ পৰা আহিছিল। মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰা তথ্য মধ্যপ্ৰদেশ আৰক্ষীলৈ গৈছিল। অনুসন্ধানত, তেওঁলোকে জবলপুৰৰ পৰা জিতেশ ঠাকুৰ নামৰ এজন লোকক আটক কৰে। অভিযুক্তজন বৰ্তমান মধ্য প্ৰদেশ আৰক্ষীৰ জিম্মাত আছে। তাৰ পিছত তেওঁক মহাৰাষ্ট্ৰ আৰক্ষীক গতাই দিয়া হ’ব।

আৰক্ষীয়ে দাবী কৰিছে যে জিতেশে মন্নতকে ধৰি মুম্বাইৰ কেইবাটাও ঠাই উৰুৱাই দিয়াৰ ভাবুকি দিয়াৰ সময়ত প্ৰচুৰ সুৰাপান কৰিছিল। এই মানুহজনে আগতেও একাধিকবাৰ এনে ঘটনা সংঘটিত কৰিছে ৷ তেওঁৰ বিবাহিত জীৱনৰ অস্থিৰতাৰ বাবেই এনে ঘটনা মানুহজনে সংঘটিতকৰিছে বুলি জানিব পৰা গৈছে !

Leave A Reply

Your email address will not be published.