অলিম্পিক বিজয়ী লাভলীনাক উপ-আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি ৷গুৱাহাটীৰ এটা পথৰ নামকৰণ হ’ব লাভলীনাৰ নামেৰে ৷
অলিম্পিক পদক জিনা প্ৰথমগৰাকী অসমীয়া লাভলীনা বৰগোঁহাইলৈ অসম চৰকাৰৰ বিশেষ সন্মান ৷ টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক জয়ী লাভলীনা বৰগোহাঁইক অসম চৰকাৰৰ ক্ৰীড়া নীতি অনুসৰি বুধবাৰে আনুষ্ঠানিকভাৱে উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়া হয় ৷ দিশপুৰৰ জনতা ভৱনত এক অনুষ্ঠানত নিযুক্তি-পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। দেশৰ সৰ্ব্বোচ্ছ ক্ৰীড়া সন্মানধাৰী খেলৰত্ন লাভলীনাক নিযুক্তি পত্ৰ আগবঢ়াই ড° শৰ্মাই আশা প্ৰকাশ কৰে যে, “নিজৰ প্ৰতিভা আৰু অধ্যৱসায়ৰ বলত এখন অখ্যাত গাঁৱৰ পৰা গৈ কাললৈ সুখ্যাতি অৰ্জন কৰা লাভলীনাৰ ঐতিহাসিক কৃতিত্বই অনাগত দিনত যে আন হাজাৰগৰাকী লাভলীনা গঢ়ি উঠাত নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব, সেয়া নিশ্চিত।
মই এই বিশেষ দিনটোত ৰাজ্যবাসীৰ হৈ লাভলীনা বৰগোহাঁইক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ ক্ৰীড়া ক্ষেত্ৰৰ লগতে কৰ্মক্ষেত্ৰতো নিজ প্ৰতিভাৰে উজলি উঠি তেওঁ অসম আৰক্ষীক গৌৰৱান্বিত কৰাৰ লগতে ৰাজ্যখনলৈ সুখ্যাতিৰে সেৱা আগবঢ়াই যাব।”
এই অনুষ্ঠানত সতীৰ্থ মন্ত্ৰী বিমল বৰাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধান আৰু গৃহ বিভাগৰ প্ৰধান সচিবৰ লগতে অসম আৰক্ষীৰ অন্যান্য জ্যেষ্ঠ বিষয়া তথা বিশিষ্ট ক্ৰীড়া সংগঠকসকল উপস্থিত থাকে।

লগতে, গুৱাহাটীৰ এটি ৰাজপথ লাভলীনাৰ নামেৰে নামকৰণ কৰা হ’ব বুলিও ঘোষণা ৰাজ্য চৰকাৰৰ ৷