Daily Time Axom

ৰাজ্যৰ টোলগেটত বাঢ়িছে গুণ্ডাগিৰি ৷ টোলগেটৰ মাছুলৰ পৰা সাংবাদিকক ৰেহাই দিয়াৰ দাবী সাংবাদিক সংগঠনৰ

0 6

ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন সমুহৰ পৰা কৰ সংগ্ৰহৰ বাবে স্থাপন কৰা টোলগেটৰ মাছুলৰ পৰা সাংবাদিক – সংবাদপ্ৰতিষ্ঠানৰ যান – বাহনক ৰেহাই দিয়াৰ বাবে দাবী জনাইছে জাৰ্ণেলিষ্ট এছোচিয়েছন ফৰ আসাম চমুকৈ জাফাই । এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ অভিদ্বীপ চৌধুৰী , কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে– মাজিথিয়া আয়োগে ধাৰ্য কৰি দিয়া পাৰিতোষিক অবিহনে অসমৰ গৰিষ্ঠসংখ্যক সাংবাদিকে সংবাদসেৱাৰ পবিত্ৰ দায়িত্বত নিয়োজিত হৈ সমাজসেৱাৰ নিজৰ দায়িত্ব কৰ্তব্য কোনো ধৰণৰ অবহেলা নকৰাকৈ পালন কৰি আহিছে । আৰ্থিক অৱস্থা শোচনীয় হ’লেও নিজৰ দায়িত্ব কৰ্তব্যৰ খাটিৰত সংবাদ সংগ্ৰহৰ বাবে সাংবাদিক সকলে বিভিন্ন ঠাইলৈ গৈ বাতৰি সংগ্ৰহ কৰি আহিছে। তেনে ক্ষেত্ৰত সাংবাদিকে ব্যৱহাৰ কৰা যান-বাহনেও টোলগেটত মাছুল আদায় দিব লগা হোৱাত অসমৰ সাংবাদিক সমাজ আৰ্থিক ভাৱে ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে । এই সমস্যাৰ পৰা অসমৰ সাংবাদিক সমাজক শীঘ্ৰে পৰিত্ৰাণ দিবলৈ জাফাৰ নেতৃবৃন্দই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে তথ্য আৰু জনসংযোগ মন্ত্ৰীক আহ্বান জনায় ।
বিবৃতিটোত জাফাৰ নেতৃবৃন্দই লগতে কয় যে – টোলগেটৰ মাছুলৰ পৰা সকলো সাংবাদিকক ৰেহাই দিয়াত অসুবিধা থাকিলে আৰম্ভণিতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদমাধ্যম , সংবাদ প্ৰতিষ্ঠানৰ যান বাহনক মাছুল ৰেহাই ঘোষণা কৰি অসম চৰকাৰে সাংবাদিক সমাজৰ প্ৰতি থকা নিজৰ সদিচ্ছা আৰু সদ্ভাৱৰ পৰিচয় দিয়া উচিত । কামৰূপ মহানগৰ সমিতিৰ জাফাৰ সভাপতি অৱনী বৰুৱাইয়ো আশা প্ৰকাশ কৰিছে যে বিষয় সন্দৰ্ভত চৰকাৰে নিশ্চয় গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰিব শীঘ্ৰেই।

Leave A Reply

Your email address will not be published.