Daily Time Axom

আজি উৰুকা

0 12

ভোগৰ অন্যতম সম্ভাৰেৰে আজি ৰাজ্যজুৰি উদযাপিত হ’ব উৰুকা নিশা, এতিয়া অসমীয়াৰ চোতালত ভোগালী বিহু। পুহ-মাঘৰ সংক্ৰান্তিত উদযাপন কৰা এয়া উচাহৰ বাপুতি সাহোন মাঘৰ বিহু। সোণোৱালী পথাৰৰ সোণগুটি বুটলি আনি ভঁৰালত থৈ কৃষিজীৱি ৰাইজে আনন্দেৰে আয়োজন কৰে ভোগালী বিহুৰ উৰুকা নিশাটি। ভেলাঘৰত উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱা ভোজ-ভাতেৰে দাঙি ধৰে সম্প্ৰীতিৰ নিদর্শন ৷ উৰুকাৰ নিশা প্রতিজন অসমীয়াই ধনী–দুখীয়া, উচ্চ–নীচৰ ভেদাভেদ পাহৰি যেন একতাৰ ডোলেৰে বান্ধি লয় সমগ্র জাতিটোক৷ আজিও সেয়াই হ’ব, কিন্তু আপদীয়া বৰষুণজাকেহে লগাইছে কেনাটো। কৰ’না মহামাৰীৰ মাজতে আজি উল্লাসেৰে উদযাপন হওক উৰুকাৰ নিশাটি। DAILY TIME AXOM ৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ উৰুকাৰ নিশা আৰু মাঘবিহুৰ শুভেচ্ছা জনালো।

Leave A Reply

Your email address will not be published.