মলাইকাই-অৰ্জুনৰ বিচ্ছেদ

প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত অভিনেতা অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্কত আছিল মালাইকা অৰোৰা। মালাইকা-অৰ্জুনে ২০১৯ চনত ৰাজহুৱাভাৱে সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল। এতিয়া দুয়োজনে তেওঁলোকৰ দীঘলীয়া ৪ বছৰ শেষ কৰিবলৈ ওলাইছে! তাৰকা যুটিটোৱে যদিও ইয়াৰ বিষয়ে মুকলি কৰা নাই। কিন্তু মুম্বাই চহৰত ভিতৰুৱাকৈ হোৱা গুঞ্জনৰ পিছৰে পৰা বিভিন্ন মাধ্যমত ৱিচ্ছেদৰ বাতৰি প্ৰচাৰ হৈ আহিছে।  সূত্ৰসমূহে কৈছে যে মালাইকা-অৰ্জুনৰ দূৰত্ব বৃদ্ধি পাইছে যদিও ইয়াক আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

অভিনেত্ৰীগৰাকী বিচ্ছেদৰ কাৰণে আৱেগিকভাৱে ভাগি পৰিছে। মালাইকা ইমানেই মানসিক সমস্যাত পৰিছে যে ৬ দিন ধৰি ঘৰৰ বাহিৰ উলোৱা নাছিল। আনহাতে অৰ্জুন ৩ দিনৰ আগতে সম্পৰ্কীয় ভগ্নী ৰিয়া কাপুৰৰ ঘৰত নৈশ ভোজত উপস্থিত আছিল। মালাইকাৰ ঘৰ ৰিয়াৰ ঘৰৰ ওচৰত। অৰ্জুন ৰিয়াৰ ঘৰলৈ গৈছিল কিন্তু মালাইকাৰ ঘৰলৈ গৈ এবাৰো লগ কৰা নাছিল। আনহাতে, মালাইকাক সদায় কাপুৰৰ পাৰিবাৰিক পাৰ্টিত অৰ্জুনৰ সৈতে দেখা যায়। অনুৰাগীসকলৰ মাজত কৌতূহল বাঢ়ি আহিছে।  মালাইকা আৰু অৰ্জুনৰ বয়সৰ পাৰ্থক্য ১২ বছৰ। অৰ্জুন কাপুৰ মালাইকাতকৈ ১২বছৰ সৰু আছিল ৷ কিন্তু তেওঁলোকে প্ৰেমৰ সম্পৰ্কত বয়সক গুৰুত্ব সহকাৰে লোৱা নাছিল। যেতিয়া যোৱা মাহত কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়া উদযাপন কৰা হৈছিল, মালাইকা-অৰ্জুনে নতুন বছৰত বিয়াৰ বহিব বুলিও ওলাইছিল । দুয়ো অলপতে মালদ্বীপৰ এক ৰোমান্টিক ভ্ৰমণৰ পৰা মুম্বাইলৈ উভতি আহিছে। কোনেও এতিয়ালৈকে পৃথক হোৱাৰ খবৰৰ কাৰণ বিচাৰি পোৱা নাই।

Comments (0)
Add Comment