Daily Time Axom

ক’ভিডৰ বুষ্টাৰ পালিটোৱেও ক্ষতি কৰিব পাৰে! ইউৰোপীয় বিশেষজ্ঞৰ সতৰ্কবাণী ৷

0 18

ক’ভিডৰ নতুন প্ৰজাতি ওমিক্রনৰ পৰা বহু নেতিবাচক দিশ দিনে দিনে উন্মোচিত হৈছে।

ওমিক্রনে পৃথিৱীত এক নতুন চাপৰ সৃষ্টি কৰিছে । সংক্ৰমণৰ ঢৌ নতুন নতুন ওলাইছে। প্ৰথম বিশ্বৰ দেশবোৰে নতুন প্ৰজাতিৰ সৈতে যুঁজিবলৈ ভেকছিন বুষ্টাৰ পালি আৰম্ভ কৰিছে। ভাৰততো বুষ্টাৰ পালি মুকলি কৰা হৈছে। কিন্তু বিশেষজ্ঞসকলে এইটোৱেই সতৰ্ক কৰি দিছে যে, বুষ্টাৰৰ পালি অধিক সঘনাই গ্ৰহণ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী ক্ষতিগ্ৰস্ত হ’ব পাৰে। 

ইউৰোপীয় ইউনিয়নৰ পৰিচালনা সমিতিয়ে কৈছে যে প্ৰতি চাৰি মাহত বুষ্টাৰ পালি গ্ৰহণ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী ক্ষতিগ্ৰস্ত হ’ব পাৰে। তেতিয়া ভেকছিনটোৰ কোনো ধৰণৰ সৎ ব্যৱহাৰ নহ’ব। ইয়াৰ পৰিৱৰ্তে, সকলো দেশে দুটা বুষ্টাৰ পালিৰ মাজত সময়সীমা বৃদ্ধি কৰিব লাগে। এতিয়া, যেনেদৰে শীতকালত প্ৰতি বছৰে ইনফ্লুৱেঞ্জাৰ বুষ্টাৰ দিয়া হয়, ঠিক তেনেদৰে ক’ভিডৰ বুষ্টাৰ পালিও দিয়া উচিত। ইউৰোপীয় ইউনিয়নৰ বিশেষজ্ঞই এই পৰামৰ্শ প্ৰদান কৰিছে।  

Leave A Reply

Your email address will not be published.