গুৱাহাটীমুখী বিকানেৰ এক্সপ্ৰেছ পশ্চিমবংগত দুৰ্ঘটনাগ্ৰস্ত ৷ ৩জন লোক নিহত, কমেও ২০ জন আহত।
পশ্চিম বংগৰ জলপাইগুৰিৰ মাংগুড়িত বৃহস্পতিবাৰে সন্ধিয়া উজনিমুৱা বিকানেৰ এক্সপ্ৰেছ (১৫৬৩৩) দুৰ্ঘটনিগ্ৰস্ত হয়। দুৰ্ঘটনাটোত ৩ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে আৰু কেইবাজনো যাত্ৰী আহত হৈছে। এতিয়ালৈকে কমেও ৪৫ জন আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ ৰে’লখনৰ ১২ টা ডবা লাইনচ্যুত হয়। ৰে’লখন ৰাজস্থানৰ বিকানেৰৰ পৰা অসমৰ গুৱাহাটীলৈ আহি আছিল। ইফালে, মাইনাগুড়ি পাৰ হৈ আহোতেই দুৰ্ঘটনাটো সংঘটিত হয়। ৰে’ল আৰক্ষী প্ৰশাসনকে ধৰি জিলাখনৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীলৈ ৰিওনা হয় আৰু সাহায্যৰ কাম আৰম্ভ কৰে । ভুক্তভোগীসকলক ৰে’লখনৰ ডবাৰ পৰা উলিয়াই অনাৰ পিছত স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
ঘটনাটো বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫:১৫ বজাত সংঘটিত হৈছিল। বিকানেৰ এক্সপ্ৰেছ ৰে’লৰ ১২ টা দবা লাইনচ্যুত হৈছে আৰু যাত্ৰীৰে ভৰ্তি ৪ টা ডবা সম্পূৰ্ণৰূপে ওলটি যায় । ইয়াৰে এটা ডবা পানীত ডুব যায়, যাৰ ভিতৰত আৱদ্ধ যাত্ৰীসকলক স্থানান্তৰ কৰা হৈছে।
খবৰ অনুসৰি তাত আৰু ওচৰৰ কোনো ষ্টেচনত কোনো ষ্টপেজ নাছিল আৰু ৰে’লখন অঞ্চলটোৰ মাজেৰে গৈ আছিল। গতিকে উদ্ধাৰকাৰী দলটোক ঘটনাস্থলীৰপৰা সহায়ৰ বাবে আহিবলৈ সময় লাগিছিল। অৱশ্যে, ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু এন ডি আৰ এফৰ ২টা দলকে ধৰি স্থানীয় উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ ৰাওনা হয় ।
আহত যাত্ৰীসকলক চিকিৎসা প্ৰদান কৰিবলৈ ঘটনাস্থলীলৈ ৫১ খন এম্বুলেন্স ততাতৈয়াকৈ প্ৰেৰণ কৰে আৰু জলপাইগুৰিৰ পৰা এখন সহায়ক ৰে’ল প্ৰেৰণ কৰা হৈছে। উত্তৰ বংগৰ চিকিৎসা মহাবিদ্যালয়সমূহক সতৰ্ক কৰি দিয়া হৈছে যাতে সকলো চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীয়ে যিমান সোনকালে পাৰে চিকিৎসা সেৱা আগবঢ়াব পাৰে ৷ আটাইকেইজন আহতক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, ৰে’লৱেৰ কেপ্টেইন চিপিআৰঅ শশীকিৰণে কয় যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছত সেই যাত্ৰীসকলৰ পৰিয়াললৈ হেল্পলাইন নম্বৰ ০১৫১-২২০৮২২২ জাৰি কৰা হৈছে ৷ আনহাতে জয়পুৰৰ লোকসকলৰ বাবে ৰে’লৱেই হেল্পলাইন নম্বৰ ০১৪১-২৭২৫৯৪২ জাৰি কৰিছে। প্ৰয়োজনীয় তথ্যৰ বাবে এইকেইটা নম্বৰত ফোন কৰি জানিব পাৰিব।
