Daily Time Axom

বিচ্ছেদ হোৱা নাই প্ৰেমিকা মালাইকাৰে, ক’লে অৰ্জুনে ৷

0 13

বুধবাৰে ৰাতিপুৱাৰ পৰা এক বলীউডী আলোড়ন চলি আছিল – অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা বিচ্ছেদৰ পথত । আগতে খবৰ পোৱা গৈছিল যে তাৰকা দম্পতীহালে এই বছৰ বিবাহ পাশত আৱদ্ধ হ’ব পাৰে। তেতিয়া অনুৰাগীসকল আনন্দিত হৈছিল। পিছে দুয়োৰে বিচ্ছেদৰ বতৰা হাৰিকেনৰ দৰে বিয়পি পৰিছিল বুধবাৰে । সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়া সকলোতে অৰ্জুন-মালাইকাৰ বিচ্ছেদৰ চৰ্চা ৷ কিন্তু অৰ্জুনে নিজেই অৱশেষত সকলো অনুসন্ধিৎসাৰ সমাপ্তি ঘটালে। বুধবাৰে সন্ধিয়া তেওঁ প্ৰেমিকা মালাইকাৰ সৈতে ইনষ্টাগ্ৰাম প্ৰফাইলত পলম নকৰাকৈ এখন ক’লা আৰু বগা ছবি পোষ্ট কৰিছিল।

ছবিখনত অৰ্জুনক আইনাৰ সন্মুখত থিয় হৈ ছেলফি লোৱা দেখা গৈছে। মালাইকা সন্মুখত থিয় হৈ আছে। ছবিখনৰ সৈতে, লিখিছিল , “অৰ্থহীন উৰাবাতৰিৰ কোনো অৱকাশ নাই। সাৱধান হওক। স্বাস্থ্যৱান হৈ থাকিব। মই সকলোৰে বাবে প্ৰাৰ্থনা কৰো। মই সকলোকে ভাল পাওঁ।”

Leave A Reply

Your email address will not be published.