লকডাউন-কাৰ্ফিউ হ’ব বুলি এদিনতেই ২১০ কোটি টকা সুৰা কিনিলে ৰাজ্যবাসীয়ে

প্ৰথমেই কৈ লঁও ৰাজ্যবাসী মানে ৰাজ্যখন অসম নহয় ৷ এইবাৰ কৰ’না চুনামি ৰূপত অহাৰ পৰিপেক্ষিতত দেশৰ প্ৰায়বোৰ ৰাজ্যই বিভিন্ন নীতি-নিয়ম কঠোৰ ভাৱে আৰোপ কৰিবলৈ বাধ্য হৈছে ৷ চাৰিওফালে শংকা – আকৌ লকডাউন হ’ব নেকি!

আন ৰাজ্যবোৰৰ দৰে তামিলনাডু চৰকাৰেও কেতবোৰ ক’ভিডৰ নীতি-নিয়ম যোৱা সপ্তাহত ঘোষণা কৰিছিল। এই ক’ভিড বাধা-নিষেধবোৰৰ মাজত আছিল- সান্ধ্যআইন আৰু দেওবাৰৰ দিনটো লকডাউন সদৃশ কঠোৰ বাধা-নিষেধ ৷

দেওবাৰে লকডাউনৰ ঘোষণাৰ লগে লগে যোৱা শনিবাৰে অভিলেখ সংখ্যক টকাৰ সুৰা বিক্ৰী হ’ল তামিলনাডুত ৷ চৰকাৰী তথ্য অনুযায়ী কেৱল শনিবাৰেই বিক্ৰী হ’ল মুঠ ২১০ কোটি টকাৰ সুৰা ৷

তামিলনাডু ৰাজ্যিক মাৰ্কেটিং কৰ্পোৰেচনৰ তথ্য অনুসৰি শনি আৰু দেওবাৰ দুদিনত মুঠ গড়ে ২৫০ কোটি টকাৰ সুৰা বিক্ৰী হয় ৷ দেওবাৰে যিহেতু লকডাউনৰ বাবে সুৰাৰ দোকান বন্ধ থাকিব, সেয়ে শনিবাৰেই সুৰা যোগাৰ কৰে তামিলনাডুৰ সুৰাপায়ী সকলে । কাইলৈ শনিবাৰে সুৰা কিমান বিক্ৰী হয় সেয়াও চাবলগীয়া হ’ব ৷

উল্লেখযোগ্য যে, দেওবাৰে সম্পূৰ্ণ লকডাউন দিয়াৰ লগতে নৱম শ্ৰেণী পৰ্যন্ত বিদ্যালয়ৰ পাঠদানো বন্ধ কৰি দিছে তমিলনাডু চৰকাৰে ৷

Comments (0)
Add Comment