Daily Time Axom

পৰৱৰ্তী ব্ৰিটিচ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে ভাৰতীয় মূলৰ ঋষি

0 11

সম্প্ৰতি বেকফুটত ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনচন ৷ ক’ভিড দুৰ্যোগৰ মাজতে সকলো নিয়ম-নীতি বাদ দি ধাৰাবাহিক ভাৱে পাৰ্টী আয়োজন কৰি ক্ৰমাৎ অপ্ৰিয় আহিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন ৷ আনকি নিজৰ কনজাৰভেটিভ দলৰ বৃহৎ একাংশই দাবী কৰিছে যে জনচনে প্ৰধানমন্ত্ৰীৰ পদ এৰি দিয়া উচিত ৷

প্ৰধানমন্ত্ৰীৰূপে বৰিছ জনচনৰ বিকল্পৰূপে যাৰ নাম উচ্ছাৰিত হৈছে তেঁও এজন ভাৰতীয় বংশোদ্ভৱ লোক ৷ নাম ঋষি সুনাক। ৪১ বছৰীয়া ঋষি এতিয়া কনজাৰভেটিভ পাৰ্টিৰ চেন্সেলৰ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে ৷

কোন এই ঋষি সুনাক ? ঋষিৰ দেউতাক এজন চিকিৎসক আৰু মাক এগৰাকী ফাৰ্মাচিষ্ট ৷ অক্সফোৰ্ড ইউনিভাৰচিটিৰ পৰা পঢ়া সামৰি পিছত ব্যক্তিগত কেকিয়াৰ আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত ইনফ’চিচৰ সহ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতাৰ সৈতেোবিবাহত আবদ্ধ হয় ৷

য়ৰ্কশ্বায়াৰৰ ৰিচমণ্ডৰ আইন সভাৰ সদস্যহিচাপে ২০১৫ চনত প্ৰথম বৃট্টিছ পাৰ্লিয়ামেন্টত প্ৰৱেশ কৰে ৷ তাৰ পিছৰে পৰি তেঁও বৃটিছ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ আনকি প্ৰধানমন্ত্ৰী জনছনৰ ইউৰোপীয় সংঘ ত্যাগ কৰাৰ আঁৰৰ অন্যতম মূল মানুহজনো আছিল ঋষি ৷

নিজে ১০০০০ কোটি টকাৰ আন্তৰ্জাতিক বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সহ প্ৰতিষ্ঠাপক হোৱাৰ আৰু ৰাজনীতিলৈ অহাৰ আগতে ক্ষুদ্ৰ ব্যৱসায় বিনিয়োগৰ বিষয়ে বিশেষ দক্ষতা অৰ্জন কৰিছিল ৷

২০২০বৰ্ষত ব্ৰিটেইনৰ বিত্তমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ পিছত ব্ৰিটেইনৰ সংবাদ মাধ্যমত ঋষিৰ ভৱিষ্যতৰ ৰাজনৈতিক জীৱনৰ উজ্জ্বল সম্ভাৱনাক লৈ তুমুল চৰ্চা হৈছিল।

সকলো ঠিকে ঠাকে থাকিলে হয়তো শীঘ্ৰেই ঋষি সুনাক পৰৱৰ্তী ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে দেখা পোৱাৰ সম্ভাৱনা দেখা পাইছে ব্ৰিটিছ ৰাজনৈতিক বিশ্লেষক সকলে ৷

Leave A Reply

Your email address will not be published.