Daily Time Axom

উত্তৰ প্ৰদেশত যোগী বনাম অখিলেশ ৷ ১০৭ জনীয়া প্ৰথমখন তালিকা ঘোষণা বিজেপিৰ ৷

0 11

উত্তৰ প্ৰদেশত এতিয়া মূলতঃ দুজন লোকৰ মাজত মস্তিস্কৰ খেলা তুংগত আছে ৷ এফালে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ভোটৰ বাবে সমৰ সজ্জা ৷ আনফালে আনজনে বিগত কেইবাদিনো ধৰি বিজেপিৰ পিছ পৰা আৰু দলিত শ্ৰেণীৰ ভোট বেংকত ধাৰাবাহিকভাৱে আঘাত হানি খহনীয়া সৃষ্টি কৰি আহিছে ৷ ৰাজ্যখনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক্ ক্ষণত নেতাজনৰ উদ্যোগতেই যোগী আদিত্যৰ বি জে পি এৰি তেঁওৰ দলত যোগদান কৰিছে পিছপৰা শ্ৰেণীৰ প্ৰভাৱশীল নেতাই ৷ তেঁও সমাজবাদী দলৰ নেতা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেখ যাদৱ ৷

এই ধাৰাবাহিক দলত্যাগৰ ঘটনাৰ পিছত শাসকীয় বি জে পিৰ পিছপৰা শ্ৰেণীৰ ভোট বেংকত ভাঙোন আনিবলৈ সক্ষম হৈছে অখিলেশ যাদৱ ৷ এই প্ৰক্ৰিয়াই স্বাভাৱিকতে আত্মবিশ্বাস বৃদ্ধি কৰিছে অখিলেখ যাদৱৰ ৷ অখিলেশ যাদৱৰ শনিবাৰে মন্তব্য, সমাগত নিৰ্বাচনত যোগী আদিত্য নাথৰ নেতৃত্বত শাসকীয় বি জে পিয়ে মাত্ৰ তিনিৰ পৰা চাৰিখন আসনহে লাভ কৰিব ৷ তেঁওৰ সমাজবাদী দলে লাভ কৰিব চাৰি ভাগৰ তিনিভাগ আসন ৷

কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দাবী কৰিছিল যে এইবাৰ বিধান সভা নিৰ্বাচনত তেঁওৰ দলে মুঠ আসনৰ এক চতুৰ্থাংশ আসন লাভ কৰিব ৷ অখিলেশ যাদৱৰ দলে লাভ কৰিব মাত্ৰ কেইখনমান আসন ৷ বিজেপিৰ পিছপৰা শ্ৰেণীৰ নেতা কেইজনে সমাজবাদী দলত যোগদান কৰাৰ পিছত অধিক আত্ম বিশ্বাসী হৈ পৰা অখিলেশে শনিবাৰে যোগী আদিত্য নাথক তেঁওৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়া বুলি ধাৰণা কৰা হৈছে ৷

অতীতত কংগ্ৰেছ-বি এছ পি আদি দলৰ সৈতে মিত্ৰতা কৰি বেয়াকৈ মুখ থেকেচা খাই থেৈছে সমাজবাদী দলে ৷
সেয়ে এইবাৰৰ বিধান সভা নিৰ্বাচনত অকলেই আগবাঢ়িছে অখিলেশ যাদৱ ৷ ডাঙৰ দলৰ পৰিৱৰ্তে উত্তৰ প্ৰদেশৰ দলিত আৰু পিছ পৰা শ্ৰেণীৰ প্ৰভাৱশালী সৰু সৰু দলৰ সৈতে এইবাৰ মিত্ৰতা কৰিছে অখিলেশ যাদৱে ৷

পিছে নিৰ্বাচনকেন্দ্ৰিক এই বিপৰ্যয়ৰ পিছত বহি থকা নাই যোগী আদিত্য নাথ ৷ যোগী আদিত্য নাথে বি জে পিৰ ১০৭ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা শনিবাৰে ঘোষণা কৰিছে ৷ ঘোষিত মুঠ ১০৭ খন আসনৰ ৬০ শতাংশ আসন অনুসূচিত আৰু অনান্য পিছ পৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰিছে যোগী আদিত্য নাথে ৷ ১০৭ জনৰ ভিতৰত ৬৩ জনহে পুনৰ বাৰ টিকট লাভ কৰিছে ৷ পূৰ্বৰ ২০ জন বিধায়কৰ টিকট কৰ্তন কৰিছে যোগী আদিত্য নাথে ৷ পূৰ্বৰ গোৰখপুৰৰ পৰাই পুনৰ এইবাৰো নিজে নিৰ্বাচন খেলিব যোগী আদিত্য নাথে ৷

এইবাৰ বাৰুকৈয়ে আকৰ্ষণীয় হৈছে যোগী আদিত্য নাথ আৰু অখিলেশ যাদৱৰ ৰাজনৈতিক যুঁজখন ৷ ৰাজনৈতিক বিশ্লেষক সকলৰ মতে অখিলেশ যাদৱে এঘঁড়ী ভালকৈয়ে যুঁজিলেও যোগী আদিত্য নাথে এতিয়াও নিজৰ খোপনি হেৰুৱা নাই ৷

Leave A Reply

Your email address will not be published.