শ্ৰীলংকাত কিয় আৰু কেনেকৈ মৰিছে জাক জাক হাতী
শ্ৰীলংকাত কম সময়তে হ্ৰাস পাইছে বৃহৎ সংখ্যক হাতী ৷ পৰিৱেশবিদ আৰু পশু চিকিৎসক সকলে সতৰ্ক কৰি দিছে যে শ্ৰীলংকাৰ পূব অংশৰ এটা মুকলি শস্য ভঁৰালৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা খোৱাৰ পিছত এটাৰ পিছত এটাকৈ বহু হাতীৰ মৃত্যু হৈছে। যোৱা আঠ বছৰত দেশখনৰ আমপাৰা জিলাৰ পালকাডু গাঁৱত আৱৰ্জনাৰ স্তূপৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা খাই কমেও ২০ টা হাতীৰ মৃত্যু হৈছে।
বন্যপ্ৰাণী চিকিৎসক নিহাল পুষ্পকুমাৰাই কৈছে যে পৰীক্ষাবোৰে দেখুৱাইছে যে মৃত জন্তুবোৰে আৱৰ্জনাৰ স্তূপত পোৱা বৃহৎ পৰিমাণৰ অৱনমিত প্লাষ্টিক খাইছিল। মৰণোত্তৰ পৰীক্ষাত কেৱল পলিথিন আৰু অন্যান্য অস্বাস্থ্যকৰ পদাৰ্থ পোৱা গৈছে়। শ্ৰীলংকাত হাতী বিপদাপন্ন হৈ পৰিছে। দেশখনৰ প্ৰথম হাতীগণনা অনুসৰি, এই সংখ্যা ১৯ শতিকাৰ প্ৰায় ১৪,০০০ ৰ পৰা ২০১১ চনত মাত্ৰ ৬,০০০ লৈ হ্ৰাস পাইছে।