১০০ৰো অধিক লেণ্ডমাইন ডিটেক্টৰ ‘হিৰো’ মাগাৱাৰ মৃত্যু
লেণ্ডমাইন বিচাৰিবলৈ তাক দায়িত্ব দিয়া হয়। সি ভূমি খান্দি মাইন চিনাক্ত কৰি ইতিমধ্যে বহুতো জীৱন ৰক্ষা কৰিছে। সি নিজৰ কৃতিত্বৰ বাবে একাধিকবাৰ সাহসিকতাৰ পুৰস্কাৰো লাভ কৰিছিল। আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংগঠন আপোপোৱে বিখ্যাত নিগনি মাগাৱাৰ মৃত্যুৰ কথা ঘোষণা কৰিছে। সংগঠনটোৰ মুখ্য কাৰ্যালয় বেলজিয়ামত আছে। সংগঠনটোৱে মাটি খান্দি লেণ্ডমাইন চিনাক্ত কৰিবলৈ নিগনি আৰু কুকুৰক প্ৰশিক্ষণ দিয়ে।
আপোপোৱে শেহতীয়াকৈ জনাইছে যে যোৱা সপ্তাহৰ শেষৰ ফালে মাগাৱা লাহে লাহে দুৰ্বল হৈ আহিছিল। বেছিভাগ সময় সি শুই কটাইছিল । মাগাৱাৰ মৃত্যু এটা ডাঙৰ ক্ষতি দেশখনৰ বাবে। তেওঁৰ মহান কামৰ বাবে সকলোৱে কৃতজ্ঞ। মাগাৱাৰ জন্ম ২০১৩ চনত তাঞ্জানিয়াত হৈছিল। তাত আফ্ৰিকাৰ পাউচযুক্ত নিগনিটো ২০১৬ চনত আপোপোৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ দিয়াৰ পিছত কম্বোডিয়াৰ ছিয়াম ৰীপ প্ৰদেশলৈ প্ৰেৰণ কৰা হয়। যিহেতু এই প্ৰজাতিৰ নিগনি আয়তনত সৰু, ই মাটি খান্দি-বেঁকা হৈ সহজে ঘূৰিব পাৰে।
যোৱা সোমবাৰে কম্বোডিয়াৰ উত্তৰে প্ৰিভিহিয়া প্ৰদেশত এটা এণ্টি-টেংক খনি নিষ্ক্ৰিয় কৰাৰ সময়ত হোৱা বিস্ফোৰণত তিনিজন খনি বিশেষজ্ঞ নিহত হৈছিল। তেওঁলোকৰ মৃত্যু ঘোষণা হোৱাৰ পিছতে মাগাৱাৰ মৃত্যুও পোহৰলৈ আহিছে। কিন্তু সি সেই গোটত নাছিল। মৃত্যুৰ সময়ত মাগাৱাৰ বয়স আছিল আঠ বছৰ।
এসময়ত কম্বোডিয়াৰ গৃহযুদ্ধৰ ফলত এক হাজাৰ কিলোমিটাৰৰো অধিক ভূমিত লেণ্ডমাইন স্থাপন কৰা হৈছিল। সেইকাৰণে লেণ্ডমাইন বিস্ফোৰণৰ ক্ষেত্ৰত কম্বোডিয়া পৃথিৱীৰ আটাইতকৈ বিপদজনক দেশসমূহৰ ভিতৰত এখন। ইয়াতেই মাগাৱাৰ কম্বোডিয়া ভ্ৰমণ। আফ্ৰিকাৰ নিগনিটোৱে মাটিৰ গোন্ধ পোৱাৰ লগতে অন্যান্য বিস্ফোৰক বিচাৰি ১০০ তকৈও অধিক ঠাইত ভূমি খান্দি চিনাক্ত কৰি বহুলোকক ৰক্ষা কৰিছিল। পাঁচ বছৰৰ সফল কেৰিয়াৰৰ পিছত মাগাৱাই যোৱা বছৰ জুনত অৱসৰ গ্ৰহণ কৰিছিল। আপোপোৱে কৈছিল যে তেওঁৰ কাৰণে কম্বোডিয়া সেনাই নিৰ্ভীকতাৰে কৰ্তব্য পালন কৰিছিল।