Daily Time Axom

পুনৰ ডেটিঙত ব্যস্ত মালাইকা আৰু অৰ্জুন কাপুৰ

0 17

প্ৰথমে তেঁওলোকৰ বয়সৰ ১২ বছৰ ব্যৱধানক লৈ হৈ ছৈ ৷ তাৰ পিছত তেঁওলোকৰ বিচ্ছেদক লৈ হৈ ছৈ ৷ পিছে
তেওঁলোকৰ বিচ্ছেদ হোৱা নাছিল। তেওঁলোকে প্ৰমাণ কৰিছে যে তেওঁলোক এতিয়াও অবৈবাহিক প্ৰণয়ৰ সম্পৰ্কত আছে। দেওবাৰে ৰাতিপুৱা মুম্বাইৰ ৰাস্তাত লগ পোৱাৰ সময়ত মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰে কি ক’ব বিচাৰিছিল?

নীলা সেউজীয়া পোছাক পিন্ধি ৩৬ বছৰীয়া অৰ্জুন। তেওঁৰ প্ৰেমিকা ৪৮ বছৰীয়া মালাইকাই বগা পোছাক পিন্ধিছিল। তাৰকা দুগৰাকীয়ে পাপাৰাজ্জিৰ ফালে চাই হাত জোকাৰিবলৈ পাহৰি যোৱা নাছিল। বহুচৰ্চিত বলীউডৰ প্ৰেমিক-প্ৰেমিকাহালক এটা ঘৰ পৰা উলাই গাড়ীত উঠা দেখা গৈছিল।

১২ জানুৱাৰীত, সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি মালাইকা-অৰ্জুনৰ চাৰি বছৰীয়া সম্পৰ্ক ভাঙিবলৈ ওলাইছিল। মালাইকাই ছয় দিন ধৰি ঘৰৰ পৰা ওলাই যোৱা নাছিল। মনৰ দুখত তেওঁ ঘৰতে আবদ্ধ হৈ আছিল। অৰ্জুনক ভনীয়েক ৰিয়া কাপুৰৰ ঘৰত নৈশ ভোজনৰ নিমন্ত্ৰণত দেখা গৈছিল। অৰ্জুনে আগতে এটা পাৰিবাৰিক অনুষ্ঠানত মালাইকাক লগত লৈ গৈছিল। বনিৰ পুত্ৰক কেইদিনমানৰ বাবে মালাইকাৰ ঘৰলৈ যোৱা দেখা নাছিল কোনেও । সেয়েহে সকলোৱে ভাবিছিল যে তেওঁলোক পৃথক হৈছে।

কিন্তু সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই , অৰ্জুনে সেই সন্ধিয়া ইনষ্টাগ্ৰামত মালাইকাৰ সৈতে নিজৰ এখন ফটো পোষ্ট কৰিছিল। এতিয়া পুনৰ তেওঁলোকক ৰাজহুৱাভাৱে একেলগে ঘূৰা দেখা পোৱা গৈছে।

Leave A Reply

Your email address will not be published.