দক্ষিণৰ তাৰকা ধনুষ আৰু ৰজনীকান্তৰ জীয়ৰীৰ বিবাহ বিচ্ছেদ

দক্ষিণৰ অভিনেতা ধনুষ আৰু চুপাৰষ্টাৰ ৰজনীকান্তৰ জীয়ৰী ঐশ্বৰ্য ৰজনীকান্তৰ বিয়াৰ ১৮ বছৰৰ পিছত বিবাহ বিচ্ছেদ হৈছে। দুয়োজন চেলিব্ৰিটিয়ে সামাজিক মাধ্যমৰ পোষ্টৰ জৰিয়তে তেওঁলোকৰ সম্পৰ্ক ভাঙি যোৱাৰ খবৰ দিছে। ধনুষ আৰু ঐশ্বৰ্যক দক্ষিণৰ শক্তি দম্পতি বুলি গণ্য কৰা হৈছিল। বাতৰিটো পোহৰলৈ অহাত দুয়োজনৰ অনুৰাগীয়ে এক তীব্ৰ হতাশাৰ সন্মুখীন হৈছে।

ধনুষে ছ’চিয়েল মিডিয়াত বিবাহ বিচ্ছেদৰ বিষয়ে লিখিছে – “আমি ১৮ বছৰ ধৰি ইজনে সিজনৰ বন্ধু, দম্পতী, অভিভাৱক আৰু শুভাকাংক্ষী হৈ বুজাবুজি আৰু অংশীদাৰীত্বত যথেষ্ট আগবাঢ়িছো। আমাৰ দুয়োৰে পথ আজি থিয় হৈ থকা ঠাইৰ পৰা পৃথক কৰা হৈছে। ঐশ্বৰ্য আৰু মই দম্পতী হিচাপে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি নিজকে ভালদৰে বুজিবলৈ সময় দিব বিচাৰো। আমাৰ সিদ্ধান্তক সন্মান কৰক আৰু আমাৰ গোপনীয়তাৰ বজাই ৰাখক।”

Comments (0)
Add Comment