Daily Time Axom

মহানগৰীত গণসংক্ৰমণ ! গুৰুকুল গ্ৰামাৰ স্কুলত ২২ জন শিক্ষক ক’ভিড পজিটিভ

0 5

গুৱাহাটী মহানগৰীৰ গীতানগৰস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কমেও ২২ জন শিক্ষক ক’ভিড পজিটিভ চিনাক্ত হৈছে ৷ শিক্ষাৰ্থীৰ নিৰাপত্তাৰ দিশটোলৈ পিঠি দি বিদ্যালয়খনৰ বিৰুদ্ধে ক’ভিড SoP উলংঘনৰ উত্থাপিত হৈছিল অভিযোগ ৷ তাৰ ভিত্তিতে মঙলবাৰে আকস্মিকভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিদ্যালয়খনত সেই সময়ত উপস্থিত থকা সকলো শিক্ষকৰে ক’ভিড পৰীক্ষা সম্পন্ন কৰে ৷

এই আকস্মিক ক’ভিড পৰীক্ষা অভিযানত কমেও ১৬ জনৰ ক’ভিড পজিটিভ ওলায় ৷ বিদ্যালয়খনৰ আন ভালে সংখ্যক শিক্ষকৰ এতিয়াও ক’ভিড পৰীক্ষা কৰিবলৈ বাকী আছে ৷ ইয়াৰ মাত্ৰ দুদিন পূৰ্বে ৮ জন শিক্ষকৰ ক’ভিড পজিটিভ ওলাইছিল। এই মুহূৰ্তলৈকে বিদ্যালয়খনত মুঠ ২২ জনকৈ শিক্ষক ক’ভিডাক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অমান্য কৰি নৱম-দশম শ্ৰেণী চলি আছিল ৷ পূৰ্বে কমেও ৮গৰাকী শিক্ষক আক্ৰান্ত হোৱাৰ পিছতো শ্ৰেণী চলি আছিল বিদ্যালয়খনত ৷ SoP অনুসৰি ৭ দিনৰ ভিতৰত ১০ জনৰো অধিক পজিটিভ ওলালে যিকোনো চৌহদ কনটেইনমেন্ট জ’ন ঘোষিত হয় ৷ সেই অনুসৰি গুৰুকুল গ্ৰামাৰ স্কুল কনটেইনমেন্ট জ’ন ঘোষিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷

Leave A Reply

Your email address will not be published.