Daily Time Axom

নাজিৰাৰ নগাআলিৰ তাৎক্ষণিক নিৰ্মাণৰ দাবীত প্ৰতিবাদী শোভাযাত্ৰা ৷ পুঁজি আবন্টনৰ দাবী বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ৷

0 9

নাজিৰা মহকুমাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পথ নগাআলিৰ তাৎক্ষণিক পুনঃনির্মাণৰ দাবীত নাজিৰাত প্ৰতিবাদী শোভাযাত্ৰা ৷ বুধবাৰে নাজিৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ সুন্দৰপুখুৰী চানবেচা লিকচন গাঁৱৰ আৰু অন্যান্য অঞ্চলৰ ৰাইজ, মহিলাসকলে উলিয়ায় এই প্ৰতিবাদী শোভাযাত্ৰা ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰে বিৰোধীৰ দলপতি তখা নাজিৰাৰ কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়াই । বিৰোধীৰ দলপতি গৰাকীৰ দাবী যে, এই পথছোৱা নিৰ্মাণৰ বাবে বহুদিন ধৰি ৰাইজৰ হৈ তেঁও দাবী উত্থাপন কৰি আহিছে যদিও এতিয়ালৈকে এই পথ আৰু অন্যান্য পথসমূহ উন্নয়নৰ বাবে চৰকাৰৰ কোনো পুঁজিৰ আবণ্টন হোৱা নাই। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ক্ষুদ্ৰ ব্যৱসায়ী, কৰ্মচাৰী, ৰোগীসকলৰ অহা যোৱাৰ বাবে গুৰুত্বপূৰ্ণ পথসমূহৰ চৰকাৰীভাৱে উন্নয়ন নকৰাক লৈ দুৰ্ঘটনাৰ বৃদ্ধি হোৱাৰ লগতে ৰোগীৰ অসুবিধাও বৃদ্ধি পাইছে। সেয়ে পথটিৰ তাৎক্ষণিক মেৰামতি দাবী কৰে বিধায়কগৰাকীয়ে ৷

Leave A Reply

Your email address will not be published.