আজিৰ পৃথিৱীত, বেছিভাগ লোকেই কম সময়ত তেওঁলোকৰ গন্তব্যস্থানত উপনীত হ’বলৈ আকাশৰ ওপৰত নিৰ্ভৰ কৰে। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে, এখন দেশৰ পৰা আন এখন দেশলৈ উৰা মাৰিব পাৰি।
কিন্তু বহুলোকে বিমানেৰে ভ্ৰমণ কৰোঁতে বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰে। তাৰ ভিতৰত কিছু ধেমেলীয়া আৰু কিছু বহুত ভয়ানক হয় । কিন্তু যদি পাইলটজনে আকাশী উৰণৰ মাজতে বিমান চলাবলৈ অস্বীকাৰ কৰে! তেতিয়া? আপুনি কেতিয়াবা এনে ঘটনাৰ বিষয়ে শুনিছে নেকি?
আচৰিত, কিন্তু পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ (পিআইএ) বিমানত যাত্ৰীসকলৰ সৈতে এনে এটা ঘটনা ঘটিছে! এজন পাইলটে তেওঁৰ শ্বিফ্ট শেষ হোৱাৰ পিছত বিমান চলাবলৈ অস্বীকাৰ কৰিছিল। এইকথা শুনি যাত্ৰীসকলৰ মূৰৰ ঘাম ওলাবলৈ ধৰিছিল ।
আনকি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ বিমানবন্দৰৰ সুৰক্ষা বাহিনীকো মাতি অনা হৈছিল। তদুপৰি, বিমানখনৰ কিছুসংখ্যক যাত্ৰীও ঘটনাটোক লৈ উত্তেজিত হৈ পৰে। এই সন্দৰ্ভত পিআইএৰ এজন মুখপাত্ৰই কয় যে বিমানখনৰ সুৰক্ষাৰ বাবে, পাইলটসকলে উৰণৰ আগতে সঠিক বিশ্ৰাম ল’ব লাগিব। সেই অনুসৰি, আমি ব্যৱস্থা গ্ৰহণ কৰিছো।
তেওঁ এইটোও কৈছিল যে যাত্ৰীসকল দেওবাৰে নিশা ১১ বজাৰ ভিতৰত ইছলামাবাদত উপস্থিত হ’ব।