Daily Time Axom

ঘৰ ৰঙ কৰা মিস্ত্ৰীয়ে চবজি কিনিবলৈ গৈ কিনিলে লটাৰী টিকট ৷ ৩০০ টকাৰ টিকটত লাভ কৰিলে ১২ কোটি টকা ৷

0 8

সিদিনা দেওবাৰ বাবে শ্ৰমিক মানুহজনে ঘৰ ৰঙ কৰা কামলৈ যোৱা নাছিল ৷ হাতত মোনা এখন লৈ গৈছিল শাক-পাচলিৰ বজাৰলৈ ৷ পিছে মোনাখনত চবজি ভৰাই নহয়, কিছু সময়ৰ পিছত ১২ কোটি টকা লাভ কৰাৰ খবৰ লৈ ঘৰলৈ উভটি আহিছিল তেঁও । চিনেমাৰ কাহিনী যেন লাগিলেও বাস্তৱত সেয়াই ঘটিছিল যোৱা দেওবাৰে ৷ কেৰালা এজন ঘৰ ৰঙ কৰা শ্ৰমিকৰ ভাগ্য পৰিবৰ্তনৰ বাস্তৱ কাহিনী এয়া ৷

কেৰালাৰ আয়মানমেৰ কুদয়মপাদিৰ বাসিন্দা লোকজন ৷ নাম সদানন্দন ৷ যোৱা দেওবাৰে পুৱা বজাৰলৈ শাক-পাচলি কিনিবলৈ ওলাই গৈ ৩০০ টকা দি এটা লটাৰীৰ টিকট কিনিছিল সদানন্দনে ৷ তাৰ পিছতেই জীৱনৰ গতিধাৰাই সলনি হৈ গ’ল সদানন্দনৰ। তেঁও যেতিয়া টিকটটো কিনিছিল তেতিয়া লটাৰী খেলখন অনুষ্ঠিত হ’বলৈ মাত্ৰ কিছু সময় বাকী আছিল ৷ টিকট কিনাৰ কিছু সময়ৰ পিছতে লটাৰীৰ ফলাফল জানি বাকৰুদ্ধ হৈ পৰে পেছাত ঘৰ ৰঙ কৰা মিস্ত্ৰীজন ৷ বিশ্বাসেই হোৱা নাছিল যে তেঁও অলপ আগতে কিনা লটাৰীত লাভ কৰিছে ১২ কোটি টকা ৷

এই বাম্পাৰ লটাৰীৰ প্ৰথম পুৰষ্কাৰ আছিল ১২ কোটি টকা ৷ দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে ৩ কোটি আৰু ৬০ লাখ টকা ৷

ইয়াৰ পূৰ্বেও সদানন্দনে বহুবাৰ লটাৰী টিকট কিনিছিল যদিও তাৰে ভিতৰত দুই এবাৰ সামান্য টকাহে লাভ কৰিছিল লটাৰীত ৷ লটাৰীত পোৱা এই ধনৰাশিৰ সিংহভাগ তেঁও নিজৰ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাত খৰচ কৰিব বুলি তেঁও মন্তব্য কৰিছে ৷

সঁচাকৈয়ে ইয়াকেই হয়তো কয় ভাগ্য ৷

Leave A Reply

Your email address will not be published.