Daily Time Axom

জনমতৰ যোগেদি পঞ্জাৱত আপৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা ৷ ভাগৱন্ত মানৰ নাম ঘোষণা কেজৰিৱালৰ

0 11

প্ৰচাৰ তুংগত উঠিছে পঞ্জাৱ বিধান সভা নিৰ্বাচনৰ ৷ কিন্তু নিজৰ নিজৰ দলৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ অসুবিধাত পৰিছে কংগ্ৰেছ আৰু বিজেপি ৷ তাৰ মাজতে আপে মুখ্যমন্ত্ৰী নাম প্ৰক্ষেপ কৰিছে ৷ মঙলৱাৰে আপৰ মুৰব্বী নেতা ৰাষ্ট্ৰীয় সমন্বয়ক অৰবিন্দ কেজৰিৱালে মোহালীৰ এক অনুষ্ঠানত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ৰূপে ভাগৱন্ত মানৰ নাম ঘোষণা কৰে ৷

জনতাৰ ভোটৰ দ্বাৰা ভাগৱন্ত মানক আপৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচন কৰা হয় ৷ টেলিফোনিক ভোটদানৰ জড়িয়তে এই নিৰ্বাচন কৰা হয় বুলি কেজৰিৱালে সদৰি কৰে ৷

আপ, পঞ্জাৱৰ সভাপতি আৰু লোকসভাৰ সাংসদ ভাগৱত মানক জনমতৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে বুলি দাবী কৰে কেজৰিৱালে ৷ আনহাতে শিৰোমণি আকালি দলে আপৰ এই “মক টেলি-প’ল“ক আভুৱা ভাৰাৰ বাহিৰে আন একো নহয় বুলি মন্তব্য কৰিছে ৷ লগতে নাটক আখ্যা দিছে ৷

কিন্তু কেজৰিৱালে সদৰি কৰে যে, “আমি পঞ্জাৱবাসীলৈ এজন মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ আহ্বান জনাইছিলো ৷ আপৰ তৰফৰ পৰা এটা ফোন নম্বৰ দিয়া হৈছিল যাতে নিজৰ পচন্দৰ এজনক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব পাৰে ৷ মুঠ ২১৫৯৪৩৯ জন লোকে এই দলীয় নিৰ্বাচনত ভাগ লৈছিল ৷ তাৰে ৯৩.৩০ শতাংশ লোকে ভাগৱন্ত মানক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ৰূপে বিচাৰে ৷৩.৬ শতাংশ লোকে নৱজিৎ সিং সিদ্ধুক দ্বিতীয় পচন্দৰ প্ৰাৰ্থী ৰূপে বিচাৰে ৷”

Leave A Reply

Your email address will not be published.