মাজনিশা কোন সন্দৰীলৈ মনত পৰে চলমানৰ! নিশা ১২ বজাৰ পিছত কালৈ ফোন যায় চলমানৰ?
বলিউডৰ বেড বয় চলমান খানক লৈ বিভিন্ন বাতৰিৰ শেষ নাই ৷ এইবাৰ বাতৰি ওলাইছে যে মাজৰাতি হ’লেই সুন্দৰী অভিনেত্ৰী লাৰা দত্তলৈ মনত পৰে ৷
চলমান খান আৰু লাৰা দত্তই একেলগে ভালেকেইখন ছবিত অভিনয় কৰিছে ৷ বলিউডত দীৰ্ঘদিন ধৰি দুয়োজনে নিজৰ এক সৱল ঠাই দখল কৰি আহিছে ৷ ৰূপালী পৰ্দাৰ বাহিৰতো দুয়োৰে মিলা-প্ৰীতি বহুবাৰ চৰ্চাৰ গৰম বিওয় হৈ আহিছে ৷ দুয়োৰে সম্পৰ্কক লৈ মুখ খুলিছে লাৰা দত্তই ৷ লাৰা দত্তই শেহতীয়াকৈ কৈছে যে, মাজৰাতি হ’লেহে চলমানৰ তেঁওলৈ মনত পৰে, এতিয়াও মাজৰাতিহে চলমানৰ তেঁওলৈ ফোন আহে ৷
শেহতীয়াকৈ বলীউডৰ এক সংবাদ মাধৱযমক দিয়া সাক্ষাৎকাৰত লাৰা দত্তই কয়, ৰাতি ১২ টা বজাৰ পিছত চলমানৰ টোপনি ভাগেহে । আৰু তেতিয়াই চলমানে বোলে মাজৰাতি লাৰাক মনত পেলায় ৷ লাৰালৈ ফোন কৰে ৷ ইয়াৰ পিছৰ বাকীখিনি বলীউডী গুণমুগ্ধৰ কল্পনাৰহে বিষয় ৷