Daily Time Axom

লখিমপুৰৰ ভীমপৰাৰ পৰা যুৱতী নিৰুদ্দেশ ।

0 8

লখিমপুৰ জিলাৰ ধলঘাট ভীমপৰা মাথাউৰিৰ এজনী ১৪ বছৰীয়া ছোৱালী নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে ৷ নিৰুদ্দেশ হোৱা ছোৱালীজনীৰ নাম সৰুমাই দাস ।

ধলঘাট ভীমপৰা মাথাউৰীৰ নিবাসী শেৱালি দাস আৰু নিৰঞ্জন দাসৰ কন্যা নিৰুদিষ্ট সৰুমাই দাস ।

নিৰুদ্দেশ হোৱা কন্যাক বিচাৰি হাবাথুৰি খাইছে পিতৃ-মাতৃয়ে। পিতৃ মাতৃৰ কাতৰ অনুৰোধ কোনো সদাশয় ব্যক্তিযে সৰুমাই দাসক দেখা পালে 93657 02688 নম্বৰৰ যোগেদি খবৰ দিবলৈ ।

যোৱা জানুৱাৰী ৬ তাৰিখে পিতৃ নিৰঞ্জন দাসে নিশা প্ৰায় ১০ বজাত ঘৰুৱা কথাত চৰ মৰা বাবে ঘৰৰ পৰা ওলাই যায় বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে পিতৃ-মাতৃয়ে । সৰুমাই দাসৰ একো খা-খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকসকল ।

(পল্লব মিলিৰ বাতৰি, লখিমপুৰ)

Leave A Reply

Your email address will not be published.