আজি ২২টা সমষ্টিত হৈ গ’ল ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন

আজি হৈ গ’ল ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন। উজনিৰ যোৰহাট, গোলাঘাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰৰ ২২টা সমষ্টিৰ ৫৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় । ঠেঙাল কছাৰী পৰিষদৰ ভোটাৰৰ সংখ্যা ৮৬,৩৫১। মুঠ ১৫৩টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰদান কৰে ভোটাৰে। নিৰ্বাচনত বিজেপিৰ ১৭ গৰাকী, কংগ্ৰেছৰ ২০ গৰাকী, অসম গণ পৰিষদৰ ৫গৰাকী, চিপিআইৰ ৩গৰাকী, অসম জাতীয় পৰিষদৰ ১গৰাকী, আপৰ ১গৰাকী আৰু ১১গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ যোৰহাটতত ১০টা, গোলাঘাটত ৫টা, ডিব্ৰুগড়ত ৫টা, লখিমপুৰত ১টা আৰু ধেমাজিৰ এটাকৈ মুঠ ২২টা সমষ্টিত পুৱা ৭ বজাৰ পৰা ৪ বজালৈ চলে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

Comments (0)
Add Comment