নাজিৰাৰ এজন দিব্যাংগ শিল্পীৰ ৰাইজলৈ কাতৰ আহ্বান

নাজিৰাৰ এজন প্ৰতিবন্ধী অথবা দিব্যাংগ শিল্পীৰ ৰাজ্যবাসীলৈ কাতৰ আহ্বান । কিন্তু কিয়; ক’ভিড পৰিস্থিতিৰ সময়ত এই আহ্বান জনাবলগীয়া হ’ল শিল্পী গৰাকীয়ে! নিজাকৈ অলপো ভূমি নথকাৰ বাবেই ৰ’দ, বৰষুণৰ লগতে প্ৰাকৃতিক যিকোনো দুযোৰ্গৰ ৰোষত পৰিব লগীয়া হয় এই দুৰ্ভগীয়া পৰিয়ালটো । ভূমিহীন লোকক চৰকাৰে প্ৰদান কৰা ভূমি এতিয়াও এই সকল থলুৱা লোকে পাবলৈ সক্ষম হোৱা নাই । নাজিৰাৰ মেজেঙ্গা কেতেকীবাৰীৰ সকলোৰে পৰিচিত দিব্যাংগ যুৱক সত্যজিৎ ফুকন । বিশেষ ভাৱে সক্ষম ভাগিনক চাকৰিৰ আশ্বাস দিছিল মামাই । সেয়াও বৰ্তমানলৈ হৈ উঠা নাই । স্থানীয় বিধায়ক, জিলা উপায়ুক্তৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ সত্যজিতৰ ৷ এইবাৰ সংবাদ-মাধ্যমৰ জড়িয়তে ক্ষোভ প্ৰকাশ কৰি কেৱল মাত্ৰ জীয়াই থাকিবৰ বাবে সৰু এডোখৰ মাটি লৈ জীনৱ নিৰ্বাহ কৰি থাকিবলৈ অসমবাসী ৰাইজৰ পৰা অলপ আৰ্থিক সহায় বিচাৰিছে দিব্যাংগ যুৱক সত্যজিৎ ফুকনে । তেওঁৰ ম’বাইল ৮৬৩৮৭-৫১৫২১ নম্বৰ অথবা বেংক অৱ ইণ্ডিয়া নাজিৰা শাখাত থকা একাউণ্ট ৫০৬১১০১১০০০৬৩১৮ নম্বৰত যোগাযোগ কৰি আৰ্থিক সাহায্য আগবঢ়াব পাৰিব । ৰাইজৰ অলপ সহায়ে বিশেষ ভাৱে সক্ষম যুৱকজনক জীয়াই থকাত আৰু অধিক প্ৰেৰণা যোগাব ।

○ফাৰহান লস্কৰৰ ৰিপৰ্ট (শিৱসাগৰ)

Comments (0)
Add Comment