Daily Time Axom

অসম, মেঘালয় দুই কেবিনেটৰ বিতৰ্কিত ভূমি বিভাজনৰ বাবে অ’কে সূত্ৰ গ্ৰহণ

0 6

অসম আৰু মেঘালয় দশয়োখন কেবিনেটে নিজাকৈ বুধবাৰে ১২ টা পইণ্টৰ ভিতৰত ছয়টা পইণ্টত ৫০ বছৰ পুৰণি আন্তঃৰাজ্যিক সীমান্ত বিবাদ সমাধানৰ বাবে বিতৰ্কিত ভূমি বিভাজন নিতীত অনুমোদন জনাইছে ৷ ইয়াৰ ফলত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সন্মুখত দুয়োজন মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত দাখিল কৰাৰ পথ প্ৰশস্ত কৰে ।
প্ৰথম পৰ্যায়ত সমাধানৰ বাবে লোৱা বিবাদৰ ছয়টা ক্ষেত্ৰই প্ৰায় ৩৬. ৮বৰ্গ কিলোমিটাৰ এলেকা সামৰি লয় যাৰ ভিতৰত ১৮.৫১ বৰ্গ কিলোমিটাৰ অসমৰ অধীনত আৰু বাকী ১৮.২৮ বৰ্গ কিলোমিটাৰ মেঘালয়ৰ অধীনত থকাৰ প্ৰস্তাৱ দিয়া হৈছে।

অসম-মেঘালয় সীমাৰ ১২ টা ক্ষেত্ৰৰ ভিতৰত ছয়টা ক্ষেত্ৰৰ মতভেদ দূৰ কৰাৰ এক প্ৰস্তাৱ ২১ জানুৱাৰীৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। কাইলৈ ২১ জানুৱাৰীত মেঘালয়ে ৰাজ্যৰ ৫০ তম বৰ্ষ উদযাপন কৰিব।

Leave A Reply

Your email address will not be published.