কৰ’না নিগনিৰ পৰাও বিয়পিব পাৰে! হংকঙত ২০০০ হেমষ্টাৰ হত্যাৰ নিৰ্দেশ৷
পোহনীয়া জন্তুক চুম্বন বা সংস্পৰ্শলৈ আহিলেও কৰ’না হ’ব পাৰে। এই বিষয়ত হংকং প্ৰশাসনে সকলোকে সতৰ্ক কৰি দিছে । কৰ’না সংক্ৰমণ হেমষ্টাৰ নামৰ এটা প্ৰজাতিৰ নিগনিলৈ বিয়পি পৰাৰ পিছৰে পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। প্ৰায় ২০০০ হেমষ্টাৰ ইতিমধ্যে নিধন কৰা হৈছে ।
শেহতীয়াকৈ, পোহনীয়া জন্তুৰ দোকানৰ ১১ টা হেমষ্টাৰ ক’ভিড সংক্ৰমণত আক্ৰান্ত বুলি ধৰা পৰিছে। তেতিয়াৰ পৰা আতংক বৃদ্ধি পাইছে । চীনে কৰ’না প্ৰতিৰোধ কৰিবলৈ এক শূণ্য সহনশীলতা নীতিৰ সৈতে চলি আছে। হংকং চীনৰ অধীনত সেয়েহে হেমষ্টাৰবোৰ আক্রান্ত হোৱা পিছত, অঞ্চলটোৰ প্ৰায় দুই হাজাৰ পোহনীয়া জন্তুক কৰ’না ক্লাষ্টাৰ ধ্বংস কৰিবলৈ হত্যা কৰিবলৈ নিৰ্দেশ দিয়ে । হেমষ্টাৰৰ আমদানি বা ৰপ্তানি বন্ধ কৰা হৈছে।
কেৱল সেয়াই নহয়, বহুতো পোহনীয়া জন্তুৰ বিপনীও বন্ধ কৰি দিয়া হৈছে। বৃহৎ পৰিমাণৰ চেনিটাইজেচন প্ৰক্ৰিয়া চলি আছে। প্ৰশাসনে কৈছে যে এই পদক্ষেপবোৰৰ উদ্দেশ্য হৈছে যিকোনো নতুন দুৰ্যোগক সেই জন্তুবোৰৰ পৰা যিকোনো প্ৰকাৰে সংক্ৰমণ বিয়পাত প্ৰতিহত কৰা।
কিন্তু ইমানবোৰ নিৰীহ জন্তু হত্যাৰ আদেশক লৈ বিতৰ্ক আৰম্ভ হৈছে ৷ কিয়নো ১১ টা জন্তুহে সংক্ৰমণত আক্ৰান্ত হৈছে। এটা স্থানীয় পশুপ্ৰেমী প্ৰতিষ্ঠানে ইতিমধ্যে বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে।