চীনা সৈন্যৰ হাতত অৰুণাচলত অপহৃত ভাৰতীয় কিশোৰ ৷ পলাই সাৰিল আন এজন কিশোৰ ৷
পুনৰ অৰুণাচল সীমান্তত চীনৰ অতপালি ৷ চীনা সৈন্যই সীমান্তৰ ভাৰতৰ ভূমিৰপৰা বুধবাৰে অপহৰণ কৰিলে এজন অৰুণাচলী কিশোৰক ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে অৰুণাচলৰ উজনি চিয়াং জিলাৰ এজন ১৭ বছৰীয়া কিশোৰক অপহৰণ কৰিছে বুলি প্ৰদেশৰ সাংসদ তাপিৰ গাওয়ে বুধবাৰে সদৰি কৰিছে।
তাপিৰ গাৱে দিয়া তথ্য অনুসৰি অপহৃত কিশোৰজনৰ নাম মিৰাম টাৰ্ন। চীনা সেনাই কিশোৰজনক চিয়ুংলা অঞ্চলৰ লুংটা জোৰ অঞ্চলৰ পৰা অপহৰণ কৰিছে। পূৰ্বেও অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত চীনা সৈন্যই অনুপ্ৰৱেশ কৰিছিল।
আনহাতে পিএলএৰ পৰা পলাবলৈ সক্ষম হৈছে টাৰণৰ বন্ধু জনি য়িঙ। তেওঁ কয় যে দুয়োজন কিশোৰ জিৰো গাঁৱৰ বাসিন্দা। ঘটনাটো সেই ঠাইৰ ওচৰতে সংঘটিত হৈছে য’ত চিয়াং নদী অৰুণাচলত প্ৰৱেশ কৰিছে।