Daily Time Axom

জালুকবাৰী সমষ্টিত বন ধ্বংস যজ্ঞ অব্যাহত । চৰকাৰে হেৰুৱাইছে বুজন পৰিমাণৰ ৰাজহ । কাণসাৰ নাই চিলা বনাঞ্চলিক বিষয়া আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ ।

0 7

কামৰূপ জিলা প্ৰশাসনে কিছুদিন পূৰ্বে কামৰূপৰ কেইবাখনো পাহাৰত ইয়াৰ মাটি কটা ,শিল বালি কঢ়িওৱাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে প্ৰতিটো ৰাজহ চক্ৰ বিষয়াক লগত লৈ এনফ’ৰ্ছমেণ্ট বিষয়া নিয়োগ কৰি অবৈধ কাৰ্য্যকলাপবোৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু মূখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিত তেনে নিষেধাজ্ঞা বা নিৰ্দেশ মউকলিকৈ উলংঘন কৰা পৰিলক্ষিত হৈছে। যাৰ বাবেই বন আৰু বালি মাফিয়াই প্ৰশাসনৰ এই নিষেধাজ্ঞাক কিঞ্চিত মানো কেৰেপ নকৰি অবাধে চলাই গৈছে পাহাৰ ধংস যজ্ঞ ।

অভিযোগ অনুসৰি চিলা বনাঞ্চলিক বিষয়া আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ একাংশ বিষয়াৰ সেউজ সংকেটতে চিলা বনাঞ্চলটিৰ কাটামুৰ, মলঙ, উত্তৰ গুৱাহাটী আদি অঞ্চলৰ বিভিন্ন পাহাৰ সমূহত দিনে নিশাই চলিছে বন ধংস যজ্ঞ ।

গৌৰীপুৰ থানাৰ সমীপৰ চিলা পাহাৰৰ মাটি দিনৰ পোহৰতে কাটি অহাই নহয় ,আজ্ঞাঠুৰী পাহাৰ, কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ প্ৰতিখন পাহাৰৰ ৰঙা মাটিৰে পোতা হৈছে জলাশয় বিল আদি। ইফালে দীৰ্ঘেশ্বৰী বিট অফিচৰ আশে পাশে থকা মাণিক নগৰ , চন্দ্ৰা , জলাহ ,টাঙনি , বৰ ৰংমহল, মান্দাকাটা সকলো পাহাৰতে বন বিষয়া আৰু বনকৰ্মীৰ সেউজ সংকেটত চলিছে এক্সাভেটৰ আৰু ডাম্পাৰ । ইফালে উত্তৰ গুৱাহাটীৰ বৰ লুইতৰ বালি মাটিৰ খাদনৰ পৰাও চৰকাৰে ব্যাপক ৰাজহ ক্ষতিৰ সন্মুখীন হৈ আহিছে । উত্তৰ গুৱাহাটীৰ চাৰিটাকৈ নৈৰ বালিমাটিৰ খাদন ৰাজহ বিহীনভাবে চলি থকাৰ সময়তে দিশপুৰৰ পৰা হঠাৎ বন্ধৰ নিৰ্দেশ আহিছিল যদিও কিছুদিন বন্ধৰ পিছত পুনৰ মাটিৰ খাদন মুকলিৰ নিৰ্দেশ আহে।

এনেদৰে অসাধু বন বিষয়াৰ এতিয়াও সলনি হোৱা নাই অসাধু চৰিত্ৰ । যাৰ বাবে নীতি সলনি কৰিও বন বিভাগক নিকা কৰিব পৰা নাই চৰকাৰে । বিষয় সন্দৰ্ভত শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুৰ্ণ হস্তক্ষেপ কৰাৰ আহ্বান জনোৱাৰ লগতে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনক ইয়াৰ তদন্ত কৰি বিহীত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ সচেতন ৰাইজৰ লগতে কামৰূপ জিলা ছাত্ৰ সন্থা, সদৌ অসম উন্নয়ন পৰিষদ আৰু জাতীয় সেনা অসমে।

Leave A Reply

Your email address will not be published.