তোলনীয়া জীক যৌন নিৰ্যাতন ! জে’ললৈ বিশিষ্ট উদ্ভাৱক উদ্ভৱ ভৰালী ৷ জেলত লিখিব ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ নামৰ গ্ৰন্থ ৷
তোলনীয়া জীক যৌন নিৰ্যাতনৰ অভিযোগত অৱশেষত জেল যাত্ৰা কৰিবলৈ বাধ্য হ’ল বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভঁৰালী । উচ্ছ ন্যায়ালয়ত নাকচ হ’ল উদ্ধৱ ভৰালীৰ জামিন আবেদন। ন্যায়ালয়ত হাজিৰ হৈ আত্মসমৰ্পণ পদ্মশ্রী উদ্ধৱ ভৰালীৰ ।
জে’ল যাত্ৰাৰ প্ৰাক মুহূৰ্ত্বত সংবাদ মাধ্যমৰ সন্মুখত নিজৰ বক্তব্য দাঙি ধৰে উদ্ধৱ ভৰালীয়ে ৷ জে’ললৈ যোৱাৰ আগতে কৈ গ’ল- কাৰাগাৰত তেঁও গ্ৰন্থ লিখাৰ বাবে মানসিক প্ৰস্তুতি চলাইছে । তেঁও লিখিব ’যন্ত্র আৰু যন্ত্রণা’ নামৰ এখন গ্ৰন্থ । এই পুথিখন ছাত্র-ছাত্রীৰ বাবে হাত পুথি হ”ব বুলি তেঁওৰ মন্তব্য ৷
উল্লেখ্য যে, এক নাবালিকা নিৰ্যাতনৰ গোচৰত অভিযুক্ত হৈছিল বিশিষ্ট উদ্ভাৱকজন। নাবালিকা গৰাকীক ভৰালীয়ে নিজৰ তোলনীয়া জী ৰূপে তুলি লৈছিল ৷
এই সন্দৰ্ভত তেঁও উচ্ছ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱতীকালীন জামিন লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত ম্যাদ উকলি যায়। অৱশেষত বৃহস্পতিবাৰে তেওঁৰ জামিন আবেদন উচ্ছ ন্যায়ালয়ে নাকচ কৰে। সেয়ে তেওঁৰ কাৰাগাৰ যাত্রা অৱধাৰিত হৈ পৰে ৷
ফলত বাধ্য হৈ তেঁও ন্যায়ালয়ত আত্মসমর্পণ কৰাই নহয় কাৰাগাৰত থাকিব লগীয়া দিন কেইটাত কি কৰিব সেয়াও ঠিৰাং কৰি লৈছে।
(লখিমপুৰৰ পৰা পল্লৱ মিলিৰ বাতৰি)
