মাক হ’বলৈ ওলাইছে মোহময়ী কাজল আগৰৱাল
মা হ’বলৈ ওলাইছে মোহময়ী কাজল আগৰৱাল। তেওঁ গৰ্ভধাৰণৰ দিনবোৰ উপভোগ কৰাৰ লগতে গৰ্ভস্থ সন্তানক সুৰক্ষিত আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ ব্যৱস্থা লোৱা আৰম্ভ কৰিছে। কেইবামাহ ধৰি কাজলৰ গৰ্ভধাৰণ সম্পৰ্কে বাতৰি পোৱা গৈছে । কথাটো গম পোৱা গৈছিল কাজলে যেতিয়া তেলেগু চলচ্চিত্ৰ এখনৰ মাজতে মাতৃত্বকালীন ছুটি লোৱাৰ কথা প্ৰকাশ কৰিছিল।
সকলো জল্পনা-কল্পনাৰ বিষয়ে নীৰৱ হৈ থকাৰ পিছত, নৱবৰ্ষ ২০২২ -ত, তেওঁৰ স্বামী গৌতম কিটচলুৱে কাজলৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰি কথাটো নিশ্চিত কৰিছে।
২০২২ চনৰ ১ জানুৱাৰীত গৌতম কিটচলুৱে তেওঁৰ পত্নী কাজল আগৰৱালৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল ইনষ্টাগ্ৰামত । তেওঁ ২০২২ ক স্বাগতম জনোৱাৰ বাবে কাজলৰ এখন ফটো শ্বেয়াৰ কৰিছিল ৷