সকলোৱে মোকেই ঠগে কিয় ! এনে ভাব হৈছে নেকি আপোনাৰো!
লাভ আৰু লোকচানৰ সৈতেই জীৱন। কিন্তু কিছুমান মানুহো আছে যিয়ে প্ৰতাৰণা কৰি ভাল পায়। আৰু যি ঠগ খায়, তেওঁ নিজকে গালি পাৰে নতুবা ভাবে, মই কিয় বাৰে বাৰে ঠগ খাও? সকলোৱে মোকেই কিয় প্ৰতাৰণা কৰে !
মানুহৰ জীৱনশৈলী আৰু অভ্যাসৰ পৰ্যালোচনা কৰি, বিশ্লেষকসকলে কিছুমান কাৰণ উল্লেখ কৰিছে কিয় মানুহ বাৰে বাৰে প্ৰতাৰিত হয়।
১/ আপোনাৰ বন্ধুৰ বিষয়ে সাৱধান হ’ব। যদি আপুনি শত্ৰুক ভয় কৰে, আপোনাৰ বন্ধুক দহগুণ বেছি ভয় কৰক। কাইলৈ এজন বন্ধু শত্ৰু নহ’ব বুলি কেনেকৈ ক’ব ?
২/ দুখৰ বিষয় কিন্তু সঁচা, যিসকলক আমি নিজৰ বুলি ভাবোঁ, তেওঁলোকে আমাক বিপদৰ সময়ত এৰি যায়। শেষত, পৰিয়াল আৰু আত্মীয়সকলেহে আমাক বিপদত ৰক্ষা কৰে। সেয়েহে প্ৰতিদানৰ আশাত কাকো লাভান্বিত নকৰিব।
৩/ আপোনাৰ সামৰ্থ্যৰ ভিতৰত কাৰোবাৰ বাবে কিবা কৰক। নিজকে নিঃস্ব কৰি আনক লাভান্বিত নকৰিব। বেছিভাগ লোকে প্ৰতাৰণা সদৃশ কাম কৰে, কিয়নো তেওঁলোকে কাক কি কৰা উচিত সেইটো বিচাৰ নকৰাকৈ আগবাঢ়ি যায় ৷ আনে কৰা উপকাৰ সহজে পাহৰি যোৱা যায় ৷
৪/ বিশ্বাস কৰক, কিন্তু আপোনাৰ পিতৃ-মাতৃকো অন্ধৰ দৰে বিশ্বাস নকৰিব। এইটোৱেই চূড়ান্ত সত্য, যদিও ই কঠোৰ। অন্ধভাৱে বিশ্বাস কৰা বাবেই পৃথিৱীৰ বহুতো লোক প্ৰতাৰিত হৈছে।
৫/ মনত ৰাখিব, সকলোৰে ভিতৰত এটা অন্য চেহেৰা থাকেহ। আপোনাৰ সন্মুখত থকা নম্ৰ ব্যক্তিজনো কাৰোবাৰ প্ৰতি অত্যন্ত প্ৰৱঞ্চক।