প্ৰিয়জনৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত নেকি? প্ৰতিদিনে চুমা খাওক, বিশেষজ্ঞৰ পৰামৰ্শ

মানুহৰ বাবে প্ৰেমৰ বতৰ বা দিন গোটেই বছৰটোৱেই । সকলোৱে এগৰাকী বিশেষ মানুহৰ স্বাস্থ্যৰ বিষয়ে বেছি চিন্তিত হৈ থাকে যিয়ে তেওঁক জীৱন ঢালি ভাল পায়। কেৱল এক নিৰ্দিষ্ট জীৱনশৈলী আৰু সঠিক আহাৰেই নহয়, আপুনি জানেনে প্ৰেমেও মানুহক স্বাস্থ্যৱান কৰি ৰাখিব পাৰে! বিশেষজ্ঞসকলে কয় যে যেতিয়াই আপুনি সুযোগ পায় আপোনাৰ প্ৰিয়জনক চুমা(চুম্বন) খাওক। কিন্তু কিয়?

১. চুম্বনে কৰ্টিচোল হ’ৰমন নিয়ন্ত্ৰণত ৰাখে। যিটো প্ৰকৃততে মানসিক উদ্বেগৰ বাবে হয়। আনহাতে, অক্সিটচিন, ডোপামিন আৰু চেৰোটনিন হ’ৰমনৰ নিৰাশতা বৃদ্ধি হয়। ফলস্বৰূপে চুম্বন মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী।

২. বিশেষজ্ঞসকলে উচ্চ ৰক্তচাপ, ক’লেষ্টেৰল থকা ৰোগীসকলক চুম্বন কৰাৰ পৰামৰ্শ দিয়ে। চুম্বনে শৰীৰত ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰাখে। ই ৰক্তচাপৰ সমস্যা হ্ৰাস কৰে।

৩. মুখ গহ্বৰত লেলাৱতি গ্ৰন্থিৰ সক্ৰিয়তা বৃদ্ধি কৰে চুম্বনে । ফলস্বৰূপে, দাঁতৰ মাজত গহ্বৰ সৃষ্টি নহয়। খাদ্য জমা হোৱাৰ ফলত দাঁতৰ সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনাও হ্ৰাস হয়।

৪. শৰীৰৰ দৰে মুখত চৰ্বি জমা হয়। আপুনি জানেনে যে চুম্বনে প্ৰতি ছেকেণ্ডত দুইৰ পৰা তিনি কেল’ৰি অতিৰিক্ত চৰ্বি হ্ৰাস কৰে। ই মুখমণ্ডলৰ সৌন্দৰ্যও বৃদ্ধি কৰে।

Comments (0)
Add Comment