Daily Time Axom

আকৌ আহি আছে জেমচ বণ্ড ৷ হলিউডৰ প্ৰথমবাৰৰ বাবে কৃষ্ণাঙ্গ অভিনেতা হ’ব জেমছ বণ্ড ৷

0 26

ডেনিয়েল ক্ৰেগক আৰু জেমছ বণ্ড হিচাপে দেখা নাযাব। ‘নো টাইম টু ডাই’ মুক্তিৰ পিছৰে পৰা খবৰটো ঘূৰি আছে। তাতেই নতুনৰ সন্ধান আৰম্ভ হৈছে। নতুন জেমছ বণ্ড কোন? এই প্ৰশ্নটোৰ উত্তৰ একাধিক নাম শুনা গৈছে। সূত্ৰ অনুসৰি, অভিনেতা ইড্ৰিছ এলবা হলিউডৰ প্ৰথমজন কৃষ্ণাংগ জেমছ বণ্ড হ’ব পাৰে। এক আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ‘নো টাইম টু ডাই’ৰ অন্যতম প্ৰযোজক বাৰবাৰা ব্ৰকলিয়ে ইদ্ৰিছক বণ্ড হ’বলৈ সন্মত হৈছে। এক অস্থিৰ পৰিস্থিতিত ‘নো টাইম টু ডাই’ মুকলি কৰা হৈছে। যদিও আৰম্ভণিতে বক্স অফিচত ইয়াৰ বিশেষ সফলতা নাছিল, পৰৱৰ্তী বছৰত ছবিখনে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিছে। মুঠ ব্যৱসায় ভাল হৈছে। ব্ৰকলিৰ মতে, চৰিত্ৰ এটাত পূৰ্বৰ অভিনেতাৰ প্ৰভাৱ থাকিলে আন কাৰোবাৰ কথা ভবাটো যথেষ্ট কঠিন হয়। যদি সকলো ঠিকে থাকে, বণ্ড শৃংখলাৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে হ’ব যে এজন কৃষ্ণাঙ্গ অভিনেতাক জেমছ বণ্ড হিচাপে দেখা যাব।

Leave A Reply

Your email address will not be published.