এতিয়াৰে পৰা ৰেচনৰ দোকানতে গ্ৰাহকে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ ।
ৰাজসাহায্যপ্ৰাপ্ত পাঁচ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰ সোনকালেই ৰেচন দোকানত উপলব্ধ হ’ব। কেন্দ্ৰই দেশৰ ৰেচন প্ৰণালী বৃদ্ধি কৰিবলৈ আৰু ঘৰে ঘৰে গেছ বিতৰণ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত দিনত ৰেচন দোকানৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ চাউল ঘেঁহুৰ লগতে মাহজাতীয় শস্য আৰু খোৱা তেলো উপলব্ধ হ’ব। দেশৰ ৰেচন দোকানীসকলে দুবছৰ আগতে ৰেচন দোকানৰ পৰা এলপিজি সেৱা আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় খাদ্য আৰু বিতৰণ মন্ত্ৰালয়ৰ কাষ চাপিছিল। অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে আজি কয় যে কেন্দ্ৰই এই প্ৰস্তাৱ নীতিগতভাৱে গ্ৰহণ কৰিছে। এতিয়াৰে পৰা মগুৰ, মচুৰ দাইল আৰু সৰিয়হৰ তেলো অনাগত দিনত চাউল আৰু ঘেঁহুৰ সৈতে ৰেচন দোকানত উপলব্ধ হ’ব।