কমেডি কিং জনী লিভাৰৰ এক কৰুণ অধ্যায়। ঘৰত ভনীয়েকৰ মৃতদেহ এৰি জনি লিভাৰ শ্ব’ কৰিবলৈ ৷
বলীউডৰ কমেডি ৰজা জনি লিভাৰক পৰ্দাত সদায় হাঁহি থকাই দেখা যায় । তেওঁৰ চলচ্চিত্ৰসমূহেও বহুত উপভোগ দিয়ে। কিন্তু অভিনেতাজনে পৰ্দাৰ আঁৰত কি সহ্য কৰিব লগা হয় সেয়া কোনোৱে নাজানে। তেওঁ জীৱনত এটাৰ ঘটনাৰ সন্মুখীন হৈছিল যি শুনি সকলোৰে হৃদয় গলি যাব ।
কৌতুকৰ ৰজাৰ যাত্ৰা কেনেকুৱা আছিল জানি আচৰিত হ’ব। দৰাচলতে, কমেডি কিং গৰাকীয়ে এবাৰ এটা কথা শ্বেয়াৰ কৰি কৈছিল যে এবাৰ তেওঁৰ ঘৰত এক শোকৰ পৰিৱেশ থকাৰ পাছতো তেওঁ এটা অনুষ্ঠান কৰিব লগা হৈছিল।
তেওঁ কৈছিল যে, মোৰ ভনীৰ মৃত্যুৰ সময়তো মই এটা অনুষ্ঠান কৰিবলগীয়া হৈছিল । সিদিনা মোৰ এটা অনুষ্ঠান ৮ বজাত আছিল কিন্তু পিছত এজন বন্ধুৱে আহি খবৰ দিছিল শ্ব’টো ৪বজাতহে হ’ব। কিন্তু হঠাতে মোৰ ভনীজনীৰ সিদিনা মৃত্যু হৈছিল, তাইৰ মৃতদেহ চোতালত পৰি আছিল। ঘৰৰ সকলোৱে কান্দি আছিল, কিন্তু মই তেতিয়া তাৰ পৰা মোৰ কাপোৰ লৈ গোপনে গুচি গৈছিলো অনুষ্ঠানটো কৰিবলৈ কিয়নো মই কথা দি থৈছিলো অনুষ্ঠানটো কৰাৰ বাবে ৷
মই টেক্সিতে কাপোৰ সলনি কৰিছিলো। সেই সময়ত মোৰ এখনো গাড়ী নাছিল। জনিয়ে লগতে কয় , মই যেতিয়া কলেজ পালো । তেতিয়া মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মেজাজৰ অনুপাতে সেইদিনা প্ৰদৰ্শন কৰাটো মোৰ বাবে যথেষ্ট কঠিন আছিল। সেইদিনা মই কেনেদৰে প্ৰদৰ্শন কৰিছিলো সেয়া ওপৰৰ জনেহে ক’ব পাৰিব। তেওঁহে জানে তেওঁ কেৱল সাহস দিয়ে। এয়াই জীৱন, ইয়াত যিকোনো ঘটনা ঘটিব পাৰে। আমি সকলো ঘটনাৰ বাবে সাজু থাকিব লাগিব।