Daily Time Axom

তামিলনাডু-কেৰালাত সান্ধ্য আইন ৷ কৰ্ণাটকত খুলিব স্কুল ৷ দিল্লীত উঠালে নৈশ সান্ধ্য আইন ৷

0 20

দেশত দৈনিক ক’ভিড সংক্ৰমণৰ দ্ৰুত হাৰ অব্যাহত আছে। ৩.৫ লাখৰ সংখ্যা অতিক্ৰম কৰিছে ভাৰতত সংক্ৰমণৰ পৰিসংখ্যাই ৷ ক’ভিডত দৈনিক মৃত্যুৰ হাৰো দেশত যোৱা কেইটামান সপ্তাহৰ তুলনাত শীৰ্ষত আছে।

ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তামিলনাডুতো দেওবাৰে সম্পূৰ্ণ সাপ্তাহিক লকডাউন ঘোষণা কৰাৰ লগতে কেৰালাতো ২৩ জানুৱাৰী দেওবাৰে লকডাউন ঘোষণা কৰা হৈছে ৷ যোৱা দেওবাৰতো তামিলনাডুত ক’ভিডৰ বাবে লকডাউন দিয়া হৈছিল ৷ এইবাৰ কেৰালা চৰকাৰেও লকডাউন দিবলৈ বাধ্য হৈছে ৷

ইফালে কৰ্ণাটকৰ ক’ভিড পৰিস্থিতি সামান্য উন্নত হৈছে ৷ হাস্পতালবোৰত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস হোৱা দেখা গৈছে ৷ যাৰ বাবে কৰ্ণাটক চৰকাৰে পুনৰ স্কুল খুলিবলৈ আৰু সাপ্তাহিক লকডাউন উঠাই ল’বলৈ সিধান্ত গ্ৰহণ কৰিছে ৷ অৱশ্যে কৰ্ণাটকত নিশা ১০ বজাৰপৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ অব্যাহত থাকিব ৰাজ্যখনত ৷ অহা সোমবাৰৰ পৰা কৰ্ণাটকৰ সকলো জিলাতে বিদ্যালয় সমূহ পুনৰ খুলিব ৷ এখন বিদ্যালয়ত যদি যদি ৭ জনৰ অধিক ক’ভিডত আক্ৰান্ত হয় তেন্তে বিদৱযালয়খন ৩ দিনৰ বাবে ক’নটেইেন্ট জ’ন ঘোষণা কৰা হ’ব কৰ্ণাটকত ৷

দিল্লীত এতিয়া লাহে লাহে স্বাভাৱিক পৰিস্থিতি উভতি আহিছে। নৈশ সান্ধ্যআইন সম্পূৰ্ণ উঠাই হৈছে ৰাজধানী চহৰখনত ৷ দিল্লীৰ লেফ্টেনেন্ট গভৰ্ণৰে বৃহস্পতিবাৰে এই নৈশ সান্ধ্যআইন উঠাই লোৱাৰ জাননী জাৰি কৰে ৷ গভৰ্ণৰ গৰাকীয়ে কয় যে, দিল্লীয়ে ইতিমধ্যে অমিক্ৰনৰ মূল ঢৌ পাৰ কৰিছে ৷ দিল্লীত নৈশ সান্ধ্য আইন উঠালেও সকলো কাৰ্যালয়ত ৫০ শতাংশ উপস্থিতি আৰু সাপ্তাহিক তথা বজাৰ আদি খোলাৰ ক্ষেত্ৰত পূৰ্বৰ বাধা-নিষেধ অব্যাহত থাকিব ৷

Leave A Reply

Your email address will not be published.