Daily Time Axom

কেৱল দৰিদ্ৰতাৰ বাবেহে ‘চাৰোগেচী’ জীয়াই থাকে: প্ৰিয়ংকা চোপ্ৰাক লৈ তছলিমাৰ মন্তব্য

0 10

বলীউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা মাতৃ হোৱাক লৈ অভিনন্দনৰ বন্যা উঠিছে । নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাই চাৰোগেচীৰ জৰিয়তে অৰ্থাৎ আনৰ গৰ্ভ ভাড়া লৈ এজনী কেঁচুৱা জন্ম দিছে। এই বিষয়ে বিতৰ্ক এতিয়ালৈকে হোৱা নাই। কিন্তু এইবাৰ বাংলাদেশৰ লেখিকা তছলিমা নাছৰিনৰ কণ্ঠস্বৰ শুনা গৈছে। তছলিমাই পোনপটীয়াকৈ প্ৰিয়ংকাৰ নাম উল্লেখ নকৰি তেওঁৰ ফেচবুকত এটা ডাঙৰ পোষ্ট কৰিছে । তেওঁ চাৰোগেচীৰ বিষয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে পোষ্টটোত ।

তছলিমাৰ মতে, কেৱল দৰিদ্ৰতাৰ বাবেহে চাৰোগেচী জীয়াই থাকে। ধনী সকলে দৰিদ্ৰ মহিলাৰ জৰায়ু ন মাহৰ বাবে পইচাৰ জড়িয়তে ভাড়াত লয়। কোনো ধনী মহিলাই কেতিয়াও নিজৰ জৰায়ু ভাড়া নিদিয়ে । প্ৰিয়ংকাক নাম নোলোৱাকৈ তছলিমাই খোঁচ মাৰিলে কয়, ‘ ধনী আৰু ব্যস্ত চেলিব্ৰিটিসকলে শিশু এটা ধাৰণ কৰাৰ পৰিৱৰ্তে চাৰোগেচীৰ জৰিয়তে তেওঁলোকৰ জিনৰ সৈতে এটা ৰেডিমেড শিশু বিচাৰে। ‘  

Leave A Reply

Your email address will not be published.