Daily Time Axom

বিচ্ছেদিত নাইবা অকলশৰীয়া পুৰুষৰ আয়ুস কমে , এক অধ্যয়নৰ দাবী

0 13

জীৱন নদী সম্পৰ্কৰ ভগ্ন গাঁথনিৰ মাজেৰে বৈ গৈছে। কিন্তু আপুনি জানেনে যে সম্পৰ্ক ভাঙি যোৱাটোৱে মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়? গৱেষণাই কৈছে যে সঙ্গীৰ হোৱা বিচ্ছেদে পুৰুষৰ স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পেলায়।

১,২৭,৫৪৫ জন লোকৰ ওপৰত হাৰ্ভাৰ্ড এক অধ্যয়নত কোৱা হৈছে যে বিবাহিত পুৰুষসকল অবিবাহিত, বিপত্নীক বা বিবাহ বিচ্ছেদ হোৱা পুৰুষতকৈ ভালে থাকে। আনকি অধ্যয়নটোৱে দাবী কৰে যে জীৱন সঙ্গী থকা পুৰুষসকলে জীৱন-সঙ্গী নোহোৱা পুৰুষতকৈ দীঘলীয়া জীৱন যাপন কৰে।

গৱেষকসকলে দাবী কৰে যে যিসকল পুৰুষ সঙ্গী অবিহনে বাস কৰে তেওঁলোকৰ হৃদৰোগত মৃত্যু হোৱাৰ আশংকা ৮২ শতাংশ বেছি। গৱেষকসকলে লগতে কয় যে সঠিক আহাৰ আৰু শৰীৰ যত্নৰ অভাৱ, ধূমপান আৰু সুৰাপানৰ দৰে অভ্যাস থকা পুৰুষৰ বেছিভাগেই অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা আৰু বিপত্নীক অধিক হয়।

Leave A Reply

Your email address will not be published.