মুম্বাইত নতুন বিলাসী আবাস ক্ৰয় অভিনেতা অক্ষয় কুমাৰৰ ৷ মূল্য কিমান জানেনে?
আকৌ নতুন ঘৰ কিনিছে অভিনেতা অক্ষয় কুমাৰে ৷ মায়া নগৰী মুম্বাইৰ খাৰ অঞ্চলৰ এক বিলাসী অট্টালিকাৰ ১৯ মহলাত এটা নতুন ফ্লেট কিনিছে অক্ষয় কুমাৰে ৷ ৭ কোটি ৮০ লাখ টকা মূল্যএই নতুন বিলাসী ফ্লেটৰ ৷
যোৱা ৭ জানুৱাৰীত নিজৰ নামত এই ফলেটটোৰ ৰেজিষ্টাৰ কৰিছে খিলাড়ী অক্ষয় কুমাৰে ৷ মুঠ ২৮৭৮ বৰ্গফুটৰ এই নতুন ফ্লেটটি। চাৰিখন গাড়ী পাৰ্ক কৰিব পাৰিব তাত ৷ কেইদিনমান পূৰ্বে আন্ধেৰীত থকা নিজৰ ৫৩৫৯ বৰ্গফুটৰ নিজৰ কাৰ্যালয়টো বিক্ৰী কৰিছিল অক্ষয় কুমাৰে ৷
বলিউডত ব্যাপক চৰ্চা যে অক্ষয় কুমাৰৰ ঘৰলৈ ’লক্ষ্মী’ লাভৰ সোঁত কেতিয়াও স্তব্ধ হোৱা নাই ৷ পৰৱৰ্তী ছবিৰ বাবে অক্ষয়ে ১৩৫ কোটি টকা পাৰিশ্ৰমিক লাভ কৰিছে বুলি বাতৰি ওলাইছে ৷ টাইগাৰ শ্ৰফৰ লগত ‘বড়ে মিঞা ছোট মিঞা’ ছবিখনতো বৃহৎ পৰিমাণৰ ধন লৈছে অক্ষয়ে ৷ ওটিটি প্লেটফৰ্মত শেহতীয়াকৈ মুক্তি লাভ কৰিছে ‘অতিৰঙ্গী ৰে’য়ে ৷ হাতত আছে ভালকেইখন বিগ বাজেটৰচিনেমা ৷ বচ্চন পাণ্ডে, পৃথ্বীৰাজ, ৰামসেঁতু, ৰক্ষাবন্ধন, অ’ মাই গড-২ আদি ছবি ৷